অতীতৰ চকুলো


অতীতৰ চকুলো, বেদনাৰ টোপোলা 
নিলগতে আহিলোগৈ দলিয়াই,
ভবিস্ব্যতৰ স্বপ্ন মনতে সাজি
গঢ়িছো মই জীবনটি দুনাই ।।

ৰঙাকৈ বেলিটিৰ ৰঙা তেজেৰে 
উকা তুলিকাখনি কৰিম ৰঙীল,
পাহৰা আস্বাসৰ হেৰোৱা হেঙূলবোৰ ধৰি আনি 
মছি দিছো বহু স্মৃতি যি হৈছিল মলিন…

নিৰুৎসাহী বতাহ আতৰাই পেলালো
সজালো ৰিক্ত কল্পনা,
সুখ, সপোন আৰু সাহসৰ আবিৰেৰে
মই বনাইছো নতুন আল্পনা ।।
তুমিয়ে জীৱন জুৰুৱা বাৰিষাৰ ঢল আৰু শীতল এক পবন ,
প্রখৰ ৰ’দত ক্ষন্তেক জিৰনি ল’বলৈ আহিছো মই…
হাড় কপোৱা শিশিৰ কালত হৈ ৰ’বা তুমি এক উষ্ণ ফিৰিঙতি,
নতুন আশাৰ, নব প্রভাতৰ প্রতিশ্রুতি লৈ………

Comments

Popular Posts