এটি মুহূৰ্ত্ত
সুমধুৰ মুহূৰ্ত্তৰ এটি অনুৰাগী স্মৃতি..
তোমাৰ চকুত লুকা ভাকু খেলি থকা দেখিছিলোঁ
অন্তৰঙ্গ কিছুমান অনুভূতিয়ে…..
সন্নিবিষ্ট কৰিছিল যেন সেই মুহূৰ্ত্তই স্নিগ্ধ বহু সপোনৰ
বহুতো নীৰব, নিবিড় আবেগ…
সেই নিমিষত শুই থকা আজস্র চেতনাই প্রাণ পাই উঠিছিল…
আৰু সংজ্ঞাবিহীন বহুতো উপলব্ধিয়ে আবৰি ধৰা সেই পৰিবেশত
শুনিছিলোঁ মিঠা মিঠা লগা হাঁহিৰ ঝংকাৰ..
সামৰি লৈছিলোঁ দুচকুতে সানি থোৱা অশ্রু দুটোপাল…
বতাহতে ভাহি অহা সন্ধ্যাৰাগৰ সুৰ..
খৰিকাজাঁইৰ সৌৰভে কৰিছিল মতলিয়া মন
মৰমৰ চাৱনিত আছণ্ণ জীৱন……
এটি ক্ষণতে স্থবিৰ আমাৰ সকলো দিশ
এটি মুহূৰ্ত্ততে স্থিতিশীল দুয়োৰে আখ্যান……

Comments
Post a Comment