তাই যখিনী........

কোনবা সেমেকা পিতনিৰ শেঁতা বাসিন্দা তাই
মলঙা জাবৰৰ দমৰ অপৰিস্কাৰ প্রতীক
গোৰোৱা তামো্লৰ গোন্ধত তাইৰ পৰিচয়
নিৰাশাবাদৰ স্তম্ভ তাই
তাই দুর্বলতাৰ সখি
তাই যখিনী……..

নামঘৰত তাই নিষিদ্ধ 
আৰাধনা নকৰে তাই
দাম্ভীকতাৰ উদাহৰণ
কতুতাৰ চানেকী তাই
ঘৰ চূড়-মাৰ কৰা ধ্বংসকাৰী বা-মাৰলি
তাই শাখিনী….

নীৰব অভিশাপৰ প্রকাশিত বক্তব্য
কুন্ধচ কুৎচিত কুৰূপ আত্মাৰ গৰাকী
অপবিত্র চিন্তন
অশালীন ৰোমান্থন
অসহ্য লাগে তাইৰ কৃত্রিম স্বৰূপ
মলিন তাইৰ হৃদয়
তাই ভূতুনী……

ভেঁকুৰ লগা আচাৰ তাই
পঁছা বাহী খাদ্য
অশ্লীলতাৰ প্রতিমূর্তি
পৰাজয়ৰ চিহ্ন তাই
অশান্তিকৰ এটি বতৰা
তাই ৰাক্ষসী…………

Comments

Popular Posts