নতুন পোহৰৰ অপেক্ষাত মই..

মই পোহৰ বেয়া নেপাওঁ

কিন্তু এন্ধাৰৰ অভ্যস্ত হৈ পৰিছোঁ মই,

ধুলি আৰু এলান্ধুৰে পোট খাই ধূসৰ হৈ পৰা ঘুলঘুলিখনে

বহু দিনৰে পৰা মোলৈ আশাৰে বাট চাই আছে,

মই পোহৰ বেয়া নেপাওঁ

কিন্তু ধুলি মাকতিবোৰ আঁতৰাই দিলে

পোহৰৰ সপোন জালখনে

দিঠকৰ ছবিখন ধূসৰ কৰি তোলে বুলি মোৰ ভয় হয়


কোনে জানো কৈছিল’ ” বহাগ মাথো এটি ঋতূ নহয়” ?

পিছে ত্রিশৰ দেওনা পাৰ কৰা মোৰ জীৱনে

আজিকোপতি বহাগক নতুন ৰূপত দেখা নাই,

প্রতি বছৰে বহাগ আহে আৰু যায়,

কিন্তু এইবাৰ মই বহাগৰ প্রতিক্ষাত

এইবেলি বহাগত মোৰ কলডিলিয়া খোপাত

এপাহ কপৌ ফুল গুজিম বুলি থিৰাং কৰিছোঁ,

বহাগৰ অপেক্ষাত অধৈৰ্য্য হৈ পৰা কুলি চৰাইজনীয়েও

ততে বহাগক আদৰাৰ যেন প্রস্তুতি চলাইছে

পটাত পিহি জেতুকা হাতত বোলাই  নোৱাৰিম মই

কিন্তু ডিপাৰ্টমেন্টেল ষ্টোৰৰ মেহেন্দীৰে

হাতৰ তলুৱা বোলাম


বহাগৰ নতুন সুৰুযৰ নতুন প্রভাতৰ নতুন পোহৰৰ অপেক্ষাত মই 

Comments

Popular Posts