মোৰ দেশৰ নদীখন......
মোৰ দেশৰ নদীখন তুমি দেখিছানে নাই ?
সন্ধিয়াৰ হেঙুল বৰণে বাৰু
তোমাক বৰ্ণিল কৰিছেনে নাই ?
অক্লান্ত নাৱৰীয়াৰ গীতৰ কলিয়ে
নিশাক আদৰা দেখিছানে নাই ?
ভাগৰুৱা দেহাৰে কোনোবা গধূলি তুমি
নৈৰ বালিত এখন্তেক বহি জিৰাইছানে নাই?
ধূসৰ গধূলিৰ ধুৱঁলী-কুৱঁলীত
কাৰোবাৰ চিনাকী বিছাৰি পাইছা নে নাই ?
নদীৰ সিপাৰৰ পৰা ভাঁহি অহা বাঁহীৰ সুৰে
কেতিয়াবা আমনি কৰিছেনে নাই ?
লুইতৰ বুকুত তুমি সন্ধ্যাৰ আকাশৰ
প্রতিবিম্ব পৰি ৰোৱা দেখিছানে নাই ?
সোঁৱৰণীৰ প্রকাশে সেই নদীৰ পানীবোৰ
জিলিকাই তোলা দেখিছানে নাই ?
Comments
Post a Comment