বিচাৰিছোঁ অলপ ছাঁয়া...


বিচাৰিছোঁ অলপ ছাঁয়া
ভাগৰি পৰা এই জীবনে মাথো
আজি অকনমান ছাঁ বিচাৰে
আৰু সচা মিছা বহু প্রতিশ্রুতিৰ কুঁৱলীত
অন্তর্ধ্যান হৈ যোৱা সৰলতাবোৰে 
হাঁহাকাৰ কৰি বিছাৰি ফুৰিছে
মাথো এটি ছাঁয়া, অলপ জিৰণি বলৈ,
অলপ উশাহ বলৈ ।।
দিঘল যেন নিদ্রাৰ আজি পৰিছে ওৰ,
আৰু তিতা কেঁহা বহু স্বপ্ন দেখি দেখি
এক শীতল পৰশৰ অপেক্ষাত মোৰ নয়ন
এঙামুৰি লৈ উঠিছে মাথো
বহুযুগ শুই থকা আবেগৰ ঢৌবোৰ
বিচাৰিছে অলপমান ছাঁয়া ।।
সেউজী ঘাঁহৰ কোমল পৰশ
দুই ভৰিতে মই আজি অনুভৱ কৰিছো।।
অপেক্ষা কৰি আছো পাবলৈ মই
শীতল শীতল লগা চেনেহৰ ছাঁয়া
তুমি দিবানে আহি তোমাৰ ধিৰ স্থিৰ হাতৰ
বহল তলুৱাখন আনি মোৰ কপালতে থৈ???
আৰু হয়তো তোমাৰ তেজাল হাতৰ 
উস্ম পৰশত আঁতৰি যাব 
মোৰ বেদনা, মোৰ ক্লান্তি
বিচাৰিছোঁ অলপ ছাঁয়াঅলপ শান্তি….

Comments