কেতিয়াবা মোক তুমি বেয়া পাবাছোন

কেতিয়াবা মোক তুমি বেয়া পাবাছোন
মোৰ অভিমানবোৰক সদায়ে প্রশ্রয় নিদিবা,
মাজে-মাজে মোৰ অভিযোগবোৰ আওকাণ কৰিবা,
মোৰ সকলো কথা নুবুজিবাছোন তুমি ;
বুজিলেও কেতিয়াবা নুবুজাৰ ভাও জুৰিবা
মাজে সময়ে মোৰ ভূল ধৰিবা -
নানান অজুহাত দেখুৱাবা মোৰ পৰা আঁতৰি যোৱাৰ
আৰু মোৰ অস্তিত্বক অৱহেলা কৰিবা
মোৰ তেজ-মঙহ-ধমনী-শিৰাবোৰক জীৱিত হোৱাৰ অনুভূতি দিবাছোন,
কেতিয়াবা মোক তুমি বেয়া পাবাছোন

Comments

Popular Posts