নৰকাসুৰৰ ...........


নৰকাসুৰৰ গছৰ ছাঁতে গঢ়িছিলো কত’না সপোন,
মনত পৰেনে বাৰু সিচঁৰিত হৈ যোৱা মোৰ বন্ধুবোৰৰ ??
ঠাণ্ডা দিনৰ দিউটিৰ মাজতে সেই লাহী হোটেলৰ চাহ,
মনত পৰে গোন্ধ কেণ্টিনৰ আলু পৰঠাবোৰৰ……

আবেলি কাহানিবা ঘাহঁডৰাত বহি গীটাৰৰ সুৰত ডুবি„
কতাইছিলো সময়বোৰ  চাই চাই দূৰৈৰ কষ্ণচূড়া সোণাৰুৰ ছবি ।।

নিমাত মৃতদেহ, ৰুগীয়া দেহ আৰু বহু বেমাৰৰ বোজাই
কৰিছিলে হৰণ টোপনি আৰু শান্তি আমাৰ মনৰ…
কিমান যে আপুৰুগীয়া আছিল সেই সন্তুস্তি,
দেখি হাঁহিটি সুস্ত হৈ পৰা জনৰ…

জীবনৰ বাটত আতৰি পৰিছো সেই লগৰীয়াসকলৰ পৰা,       
ভিন্ন দেশৰ বিভিন্ন পথত ৰচিছো ভিন্ন ভিন্ন সুৰ…
হয়তো এদিন লগ পাম তোমালোকক আকৌ ভঙাগড়ৰ পাহাৰৰ তলত,
কৃষ্ণচূড়াৰ ছাঁতে গীটাৰৰ টিউনে ভাগৰ কৰিব আকৌ দূৰ ।।

Comments

Popular Posts