গৌৰীপুৰীয়া........
জন্মস্থান মোৰ ক’ত জানা নে?
গৌৰীপুৰত ।।।
গদাধৰ নৈ সাতুৰিছিলে মুহিবলে
গৌৰীপুৰীয়া গাভৰু…
জানানে কোনে? মনত পৰিলে নামতো ?
হস্তীৰ কন্যাৰ দেশৰ মই, মাঊত বন্ধু মোৰ আপোন,
গদাধৰ নৈৰ পাৰত সিঁচিছিলো নৱ যৌৱনৰ সপোন ।
ডিখৌ নৈৰে পাৰৰ কোনোবাই মাতিলে আঁতৰৰ পৰা,
হাবিৰ মাজত গাইছিল বিহুগীত, শুনিছিলো দূৰৈৰ পৰা ।।
পর্বতে পর্বতে বগাবানে তুমি, লতা বগাবানে তুমি ?
মুহিবানে মন মোৰ কোৱাচোন, বলিয়া হাতীক বলাই তুমি ?
শিৱসাগৰৰ গাঁৱৰ দৰা আহিলে পাতৰ ধূতি পিন্ধি,
লাজুকীলতা কইনা মই, মিছিক মাছাক হাঁহি ।
গৌৰীপুৰীয়া গাভৰু মই, শিৱসাগৰৰ গাঁৱৰ দৰা,
হস্তীৰ কন্যাক ডিখৌ তুমি মৰমেৰে আবৰি ধৰা ।।
Comments
Post a Comment