মই ৰৈ আছোঁ....
বহু দিনৰ পৰা ভাবি আছিলোঁ তুমি আহিলে কথাবোৰ
ভাঙি পাতি ক’ম..
খুলি দিম মনৰ কোঠালিৰ ইমানদিনে বন্ধ ৰখা দুৱাৰ….
দেখুৱাম তোমাক সাঁচি থোৱা স্নেহৰ ইন্দ্রধেনুখনি,
আৰু আজি পালো বতৰা তুমি আহিবা বুলি
কি মোৰ মনৰ পৰিস্থিতি মই বুজাব নোৱাৰোঁ..
তুমি হয়তো বুজিবা ।
লাজ বা সংকোচত মৌন হৈ ৰ’লেও আশা কৰোঁ তুমি
স্পষ্টকৈ শুনিবা মোৰ কথাবোৰ..
আৰু পঢ়িবা মোৰ বুকুৰ মাজত লুকাই থকা
কবিতাবোৰ,
তুমি আহিবা
তুমি বুজিবা
তুমি শুনিবা
মই ৰৈ আছোঁ…………..

Comments
Post a Comment