মোৰ পৰিচয়
আবতৰীয়া এজাক বৰদৈচিলাৰ প্রকোপত হেৰায় যায় মোৰ পৰিচয়,
মোৰ নাম, ঠিকনা, বয়স, কৰ্মস্থান – সকলোবোৰ ধূসৰ হৈ পৰিছে
আৰু যেনি-তেনি থান-বান হৈ সিচৰিত হৈ আছে মোৰ অতীত আৰু বৰ্তমানৰ টুকুৰাবোৰ।
সেইবোৰ পুনৰ বুটলি একগোট কৰাৰ প্রয়োজন মই অনুভৱ নকৰো………
ইকাণ সিকাণকৈ বহু কথা আহি মোৰ কাণত পৰিছেহি
মোৰ অচিনাকী অথচ মোৰ আশে-পাশে পিয়াপি দি ঘূৰি ফুৰা মানুহবোৰে
কৰি থকা আলোচনাবোৰ মই শুনিছো,
তেওঁলোকে মোৰ পৰাজয়ৰ কথা পাতে
মোক কিছুমান আচহুৱা নামেৰে সম্বোধন কৰিছে তেওঁলোকে
এটি লোকপ্রিয় বিজ্ঞাপনৰ দৰে সিহঁতি মোৰ তথাকথিত কাণ্ডকাৰখানাবোৰৰ
আনৰ আগত পুনৰাবৃত্তি কৰিছে।
দুই-এখন মুখ মোৰ চিনাকী যেন লাগিছে
কিন্তু এইটো মোৰ ভ্রম নে সঁচা আন্তৰিকতা মই নেজানো,
ৰিক্ত এখন কেনভাচ আৰু স্মৃতিৰ ভঙা টুকুৰাবোৰে মোক সোঁৱৰাইছে যে
আবতৰীয়া এজাক বৰদৈচিলাৰ প্রকোপত হেৰায় গ’ল মোৰ পৰিচয়।
কিন্তু তথাপি দুবাহু মেলি মই ৰৈ আছোঁ
নিজৰ পৰিচয়ৰ অপেক্ষাত,
জীৱনৰ অপেক্ষাত………………।

Comments
Post a Comment