মোৰ পানচৈ

মোৰ পানচৈখনৰ দিশ মই থিৰ কৰা নাই
বতাহজাকে মোক লৈ যায় এক মণিব নোৱাৰা ঠিকনাৰ কাষলৈ
সময়, স্থিতি, পৰিবেশৰ কথা চিন্তা কৰিবলৈ মোৰ অৱকাশ 
নতুবা উপায় নাই

মই মাথোঁ ভাঁহি যাওঁ চৈ দিয়া পালে লৈ যোৱা দিশে
খেপিয়ালেও কাষত বিছাৰি নেপাওঁ কোনো সহযাত্রিক -
যেন নাওঁখনেই মোৰ একমাত্র আপোন,
দূৰৈৰ অচিন অনামিকা ঘাটত ৰিণিকি ৰিণিকি তোমাৰ ছাঁটো দেখিছিলোঁ,
সেই ঘাটত মোৰ অশান্ত মনৰ অনুভূতিবোৰৰ ইছাতি-বিছাতি,
দিশহাৰা বতহজাকে মোক তোমাৰ বতৰা দিবহি পৰা নাছিল,
কিন্তু মই তোমাৰ প্রতিক্ষাৰ উমান পাইছিলোঁ

চকুৰ আঁৰ হৈ যোৱা মোৰ অকলশৰীযা নাওঁখনে বাৰু
তোমাক আমনি কৰে নেকি ?
তুমি চাগে ভাবিছা যে মোৰ জীৱনৰ প্ৰদক্ষিণৰ শেষ পৰ্য্যায় পালোহি..
পিছে মই ভাগৰা নাই এতিয়াও,
অকণমান মনোযোগেৰে চালে তুমি হয়তো দেখিবা
যে মোৰ পানচৈৰ অন্বেষণ এতিয়াও বহু বাকি,
তুমি নৈখনে অকস্মাতে লোৱা পাকঘূৰণিত মোক কিজানি অদৃশ্য হোৱা দেখিলা 
কিন্তু মোৰ পৰিক্রমা আজিও অব্যহত
অভিযাত্রিৰ কথা চিন্তা কৰিবলৈ মোৰ অৱকাশ 
নতুবা উপায় নাই
হয়তো ঘূৰি-ফুৰি এদিন জিৰণি বলৈ তোমাৰ ঘাটলৈয়ে উভতি আহিম
তুমি সহযাত্রি নহলেও মোৰ যাত্রাৰ এটি মিলৰ খুঁটা হৈ বা….. 

Comments

Popular Posts