নতুন নাৰী...
আজি তাই উন্মনা, আহিছে সাবতি যৌবনৰ নতুন ৰূপ,
ইমান যে শুৱনি, অপৰূপ তাইৰ এই চকু চাই ৰোৱা স্বৰূপ …
ওঁঠতে মিছিকি লাহেকৈ উজলিল এটি সৰু ধুনিয়া হাঁহি,
দুচকু বাউলি সবল সতেজ, যেন তগৰ ফুলৰ হে পাহি …
দুখনি গালতে সেন্দেুৰী সেন্দেুৰী লালিমা দেখিছা তুমি,
চুলিৰে বৰণত ক’লা ডাৱৰ ক্ষন্তেক ৰ’ইছেহি থমি…
ককালৰ ভাজতে লুকাই আছে তাইৰ মাদকতা সনা এটি গীত,
তেজাল দুখনি ভৰি আগুৱাই আহিছে, নাই কোনো ভয় ভীত…
নতুন গাভৰু , নতুন প্রেৰণা, নতুন দিনৰ তাইৰ নাৰী,
বলিয়া বতাহত কোনো বান্ধোনত জানো ৰাখিব পাৰি???

Comments
Post a Comment