নিয়মাৱলী
এটি ভাগৰুৱা গধূলী..
যেন দিনটোৰ কার্য্যসূচিৰ পিছত
নিতাল মাৰি অলপ শোৱাৰ ইচ্ছা;
আৰু অনিচ্ছা স্বত্তেও মই
কৰি যাওঁ বাকি থকা নিয়মাৱলীৰ পালন,
কোনো ব্যতিক্রম নহয় যেন
মই সম্পূর্ণ মনোযোগ দিওঁ,
ভাগৰ লাগে কেতিয়াবা;
কিন্তু বিচাৰি পাওঁ মই
যান-বাহন হিচাপ-নিকাচৰ দুৰন্ত গতিত
তোমাৰ উপস্থিতিৰ উমান;
উজাগৰি এক নিশা,
ধুমুহাৰ উত্রাৱল প্রকোপ
মোৰ অলপ সংশয়,
অলপ ভয়,
আৰু কিছুমান কুৱঁলীয়ে আবৰা
নীলা নীলা আবেগৰ অহা যোৱা…
মোক আকোৱালি ধৰি তুমি
কোৱা সেই কহুঁৱা কহুঁৱা কথাবোৰ,
মোৰ কপালত তুমি আঁকি দিয়া এটি
আলসুৱা চুমাৰ মিঠা প্রতিশ্রুতি,
তো্মাৰ বুকুৰ মাজত ক্ষন্তেক জিৰণি লওঁতে
মই শুনিছিলোঁ কিছুমান পৰিচিত-অপৰিচিত
অনুভবৰ স্পন্দন,
নাভূত-নাশ্রুত অনুভবৰ লুকা-ভাকু,
আত্মতৃপ্তিৰ দুটোপাল অশ্রু…
এদিন মুখা-মুখি হ’ম মই
সেই সজ্ঞাবিহীন আৰু তুলনাবিহীন
অনুভবৰ সৈতে…
সম্পূর্ণতাৰ চলাথত হাবাথুৰি খোৱা
এটি সুস্থ মনৰ সৱলিল বর্নণা তুমি লেখিবা;
আৰু নতুন-নতুন লগা পুৰণী পৃথিৱীৰ
কিছুমান মামৰে ধৰা সোঁৱৰণীৰ
উল্লেখ কৰিবা তোমাৰ মনৰ বেটুপাতত….
অনুৰাগৰ ঢৌবোৰৰ ইছাটি-বিছাটি,
মৌনতাৰ আত্মপ্রকাশ ;
আৰু মই কঢ়িয়াই ফুৰা তোমাৰ
ভাবনাৰ টুকুৰাবোৰৰ…
তুমি ভাষাৰে বুজাই তুলিবা…
যেন দিনটোৰ কার্য্যসূচিৰ পিছত
নিতাল মাৰি অলপ শোৱাৰ ইচ্ছা;
আৰু অনিচ্ছা স্বত্তেও মই
কৰি যাওঁ বাকি থকা নিয়মাৱলীৰ পালন,
কোনো ব্যতিক্রম নহয় যেন
মই সম্পূর্ণ মনোযোগ দিওঁ,
ভাগৰ লাগে কেতিয়াবা;
কিন্তু বিচাৰি পাওঁ মই
যান-বাহন হিচাপ-নিকাচৰ দুৰন্ত গতিত
তোমাৰ উপস্থিতিৰ উমান;
উজাগৰি এক নিশা,
ধুমুহাৰ উত্রাৱল প্রকোপ
মোৰ অলপ সংশয়,
অলপ ভয়,
আৰু কিছুমান কুৱঁলীয়ে আবৰা
নীলা নীলা আবেগৰ অহা যোৱা…
মোক আকোৱালি ধৰি তুমি
কোৱা সেই কহুঁৱা কহুঁৱা কথাবোৰ,
মোৰ কপালত তুমি আঁকি দিয়া এটি
আলসুৱা চুমাৰ মিঠা প্রতিশ্রুতি,
তো্মাৰ বুকুৰ মাজত ক্ষন্তেক জিৰণি লওঁতে
মই শুনিছিলোঁ কিছুমান পৰিচিত-অপৰিচিত
অনুভবৰ স্পন্দন,
নাভূত-নাশ্রুত অনুভবৰ লুকা-ভাকু,
আত্মতৃপ্তিৰ দুটোপাল অশ্রু…
এদিন মুখা-মুখি হ’ম মই
সেই সজ্ঞাবিহীন আৰু তুলনাবিহীন
অনুভবৰ সৈতে…
সম্পূর্ণতাৰ চলাথত হাবাথুৰি খোৱা
এটি সুস্থ মনৰ সৱলিল বর্নণা তুমি লেখিবা;
আৰু নতুন-নতুন লগা পুৰণী পৃথিৱীৰ
কিছুমান মামৰে ধৰা সোঁৱৰণীৰ
উল্লেখ কৰিবা তোমাৰ মনৰ বেটুপাতত….
অনুৰাগৰ ঢৌবোৰৰ ইছাটি-বিছাটি,
মৌনতাৰ আত্মপ্রকাশ ;
আৰু মই কঢ়িয়াই ফুৰা তোমাৰ
ভাবনাৰ টুকুৰাবোৰৰ…
তুমি ভাষাৰে বুজাই তুলিবা…
Comments
Post a Comment