জানানে তুমি?
জানানে তুমি?
জীৱন হঠতে ৰয় থমকি,
এটি পল মাথো লয় বিৰতি,
নিত্যনৈমিত্তিক ব্যস্ততাৰ মাজতে
তুমি আহি চোৱা ভূমুকি…
সময়ৰ দুৰ্বাৰ গতি পাহৰি
তোমাৰ মৰমৰ ছাঁ বিছাৰি
মই হাবাথুৰি খাওঁ বৰ্ত্তমানৰ বৃত্তত
অকলে বহি পৰোঁ ভাগৰি..
আছানে তুমি ?
শীতৰ ঠেৰেঙা লগা চেঁচা বতাহত?
ডাৱৰে আবৰা ক’লা আকাশত?
কোনো কোবাল অনামিকা জলপ্রপাতত?
হাতৰ তলুৱাৰ একা বেকা ৰেখাবোৰত ?
নীলা সপোনৰ অনুৰাগ নেকি তুমি?
ৰঙা আবেগৰ উষ্ণতা নেকি তুমি?
মোৰ জীৱন নদীৰ তুমি পাৰ নে ঢৌ ?
কপালত চেনেহৰ ৰক্তিমা দিলাহি সানি…
বুজানে তুমি?
উৎপ্ৰেক্ষা দিবলৈ ভাষা মোৰ নাই,
অনুভবে হাঁহে দেখোন তোমাকে চাই,
খৰিজাঁই ফুল ফুলে মোৰ ফুলনিত
সুবাসিত মোৰ অনুভূতি -
তোমাক নিচেই কাষতে পাই…
জীৱন হঠতে ৰয় থমকি,
এটি পল মাথো লয় বিৰতি,
নিত্যনৈমিত্তিক ব্যস্ততাৰ মাজতে
তুমি আহি চোৱা ভূমুকি…
সময়ৰ দুৰ্বাৰ গতি পাহৰি
তোমাৰ মৰমৰ ছাঁ বিছাৰি
মই হাবাথুৰি খাওঁ বৰ্ত্তমানৰ বৃত্তত
অকলে বহি পৰোঁ ভাগৰি..
আছানে তুমি ?
শীতৰ ঠেৰেঙা লগা চেঁচা বতাহত?
ডাৱৰে আবৰা ক’লা আকাশত?
কোনো কোবাল অনামিকা জলপ্রপাতত?
হাতৰ তলুৱাৰ একা বেকা ৰেখাবোৰত ?
নীলা সপোনৰ অনুৰাগ নেকি তুমি?
ৰঙা আবেগৰ উষ্ণতা নেকি তুমি?
মোৰ জীৱন নদীৰ তুমি পাৰ নে ঢৌ ?
কপালত চেনেহৰ ৰক্তিমা দিলাহি সানি…
বুজানে তুমি?
উৎপ্ৰেক্ষা দিবলৈ ভাষা মোৰ নাই,
অনুভবে হাঁহে দেখোন তোমাকে চাই,
খৰিজাঁই ফুল ফুলে মোৰ ফুলনিত
সুবাসিত মোৰ অনুভূতি -
তোমাক নিচেই কাষতে পাই…
Comments
Post a Comment