তুমি বুজিছানে ?

নতুনৰ সন্ধান,
নতুন ৰং,
নতুন নীলিমাৰ নতুন বিশালতাই
নতুন নতুন সপোনৰ পাতনি মেলা মই দেখিছোঁ,
ইতিহাসৰ এলান্ধু লগা চুকত
ওলমি থকা কিছুমান পৌৰাণিক মকৰাজাল
তুমি আঁতৰোৱা মই প্রত্যক্ষ কৰিছোঁ.
মই উপলব্ধি কৰিছোঁ তোমাৰ সৃষ্টিৰ প্রবলতাক,
মই অনুভব কৰিছোঁ তোমাৰ ভাবনাৰ সৰলতাক,
অগতানুগতিক কিছুমান মুহূৰ্ত্তত মই তোমাক
নিজৰ আত্মাক দ্বিখণ্ডিত কৰি
নতুনত্বক আকোৱালি লোৱাৰ প্রচেষ্টাও দেখিছোঁ 
শলাগ, কৃতজ্ঞতা, চেনেহ, প্রসিদ্ধীৰ 
ঢৌবোৰৰ সন্মোহন তুমি নেওঁচাও মই দেখিছোঁ,
দেখিছোঁ তোমাৰ আৰাধনাত অকৃত্ৰিম শ্রদ্ধা,
মই তোমাৰ দুচকুত মহাসাগৰৰ গভীৰতা দেখিছোঁ….
দৈনন্দিনৰ ৰণৰ অন্তত তুমি মহাশূণ্যৰ চলাথত 
সৃষ্ট জগতৰ পৰিসৰ ভ্রমি ফুৰা মই লক্ষ্য কৰিছোঁ ;
দাৰ্শনিক দৃষ্টিৰে অনুভৱৰ বিশ্লেষণ অনুৰাগৰ ভাষাৰে
প্রকাশ কৰা দেখিছোঁ ,
অভিমান আৰু অভিযোগৰ নিমন্ত্রনক 
নতুন সাহসেৰে তুমি প্ৰত্যাখ্যান কৰা দেখিছোঁ;
ধুমুহাক প্রত্যাহ্বান দিয়াৰ প্ৰস্তুতিত মগ্ন তুমি
মই সৰু সৰু জীৱনৰ অনন্য অভিজ্ঞতাবোৰক
হৃদয়ঙ্গম কৰিবলে শিকিছোঁ,
তোমাক মই পাৰদৰ্শিতাৰ দুৱাডলিত ৰৈ 
সচেতনাক আদৰণী জনোৱা দেখিছোঁ,
আৰু নিৰ্মল শিশুৰ কমনিয়তাৰে
অনামিকা প্রেয়সীৰ মৰমৰ ছাঁয়াত
এখন্তেক জিৰণী লোৱাৰ প্রয়াসো দেখিছোঁ……..
মই বুজিছোঁ -
নতুন ঊষাৰ ৰেঙনিয়ে তোমাক স্পৰ্শ কৰিছে
তুমি বুজিছানে ?

Comments

Popular Posts