আধৰুৱা জোনটিৰ আধাডুখৰীয়া গীত

আধৰুৱা জোনটিৰ আধাডুখৰীয়া গীতৰ সুৰ,
অসমাপ্ত কাহিনীৰ অপৰিপূৰ্ণ পাত্র,
ক্ষন্তেকীয়া বিহ্বলতাই কৰে মোক শীৰ্ণ,
কিন্তু যুক্তিৰ বুজনিয়ে কৰে মন শান্ত,
দৌৰ্বল্যৰ কাষত মই পৰাজিত নহওঁ,
যদিও মোৰ নাই অলেখ সহযাত্রী
জীৱনৰ পথত মই সদায় ক্ৰমমান…..

আবেগৰ সোঁতত উটি যাওঁ মই,
একাকিন জীৱনে আমনি কৰে ;
সৰু বৰ ঘটনাৱলীৰ বিভিন্ন পৰিণতিত
জীৱন গ্রন্থত নিয়তিয়ে পাতনি মেলে..
আচম্বিতে লগ পাওঁ নতুন সহযাত্রী
মিচিকি হাঁহি মাৰে মোৰ অনুভবে,
নীলা আকাশৰ বগা বগা ডাৱৰে
মাদকতা সানি দিয়ে অতি সঙ্গোপনে….

অসম্পূৰ্ণ নাটিকাৰ অসম্পন্ন সমাপ্তি
অসন্তোষ্ট মনৰ আক্ষেপবোৰ সামৰি
ভাবোঁ মই আজি
যে সৰু সৰু হাঁহিতে মই লভিম সন্তুষ্টি
ক্ষণিক মৰমেৰে জীপাল মোৰ ধৰণী,
অভিযোগৰ বাবে সময়ৰ নাতনি,
আধৰুৱা লেও আপোন এই কাহিনী
স্মৃতিৰ হৃদয়তে সাঁচিলো 
তোমাৰ মোৰ জীৱনী….
আধৰুৱা জোনটিৰ আধাডুখৰীয়া গীত
আৰু আমাৰ আধৰুৱা জীৱন সঙ্গীত……..

Comments

Popular Posts