তোমাক সুঁৱৰি

পুৱতি নিশাতে তোমাক সুঁৱৰি
মনতো সেমেকে কিন্তু মই নেপাওঁ সহাঁৰি,
আঁতৰৰ কোনোবা অচিন দেশত
আছা তুমি মই নিচিনা বেশত,
মোৰ প্রতিতো অনুভবে তোমাক বিছাৰে জুমি জুমি,
মোৰ মনৰ কথাবোৰ বাৰু বুজিছানে তুমি ?

তল সৰা পাপৰি, মৰহা ফুল কলি,
চকুলো সৰে দুচকু নিগৰি,
হাবাথুৰি খাই বিছাৰোঁ মই মোৰ চিনাকী,
মোৰ জীৱনত তোমাৰেই চানেকি,
এই বতাহজাকে তোমাক আহিছে চুমি,
মোৰ মনৰ মানুহ, গম পাইছানে বাৰু তুমি ?

Comments

Popular Posts