ৰ'দালি দিন........


দালি দিন,উজ্বল পোহৰ, দিনৰ ৰক্তিম ছবি,
হয়তো দিনতে আহিব পাৰে কালিকা লগা ৰাতি
মিছিকিয়াই হাঁহি মধূৰ স্মৃতিয়ে মন ফৰকাল কৰে,
আনহাতে অশ্রু নিগৰি আহি দিঠকক সাবটি ধৰে
নিৰিবিলি নিশা ৰূপালী জোনে পৃথিবী সজায় তোলে,
ধুমুহাজাকে বেলিটোকো চোন অস্তীত্ববিহীন কৰে 
জানানে তুমি কতবৰষুণ দেখিলো মই ইয়াত,
আজিনো কিয় এই বাৰিষাই আঘাৎ কৰিছে মোৰ হিয়াত?
নীলা পাহাৰৰ নীলাখিনিয়ে সাহস দিছিলে মনত সদায়,
নীলা পাহাৰৰ নীলা সাহসবোৰ আজি হয়তো বিছাৰি আছোঁ মিছাই ।।
চিনাকী জুৰিৰ জীবন্ত ধাৰা আজি কিয় দেখা নাপাও,
চেদেলি ভেদেলি লগৰীয়াবোৰক তনো বিচাৰি পাওঁ??
মেঘালীৰ বুকুত নিয়ৰৰ কণিকা দেখিছানে তুমি??
দেখিছাজানো কাৰোবাৰ চকুত অদৃশ্য চকুপানি??
তৰালিৰ ৰিহা পিন্ধি গধূলি আজি আহিছে কাষলৈ,
অবুজন মনে বুজনি বিছাৰি উৰি যায় দূৰলৈ ।।।

Comments

Popular Posts