চেৰাপুঞ্চী…

এলানি সৰল গছ আৰু 
নাম নজনা বহু গছ-গছনিৰ শাৰী
উখ চাপৰ পর্বতৰ টিলাবোৰ 
ঢাকি ৰাখিছে শ্যামলীমা ছাঁৰে………..
যেন প্রেয়সীৰ একোছা 
ঘণ লা চুলি পৰি ৰৈছে বননিত
কোনোবা এটা আলসুৱা গধূলী
চেৰাপুঞ্চীৰ বুকুত……….
গুলপীয়া আৰু বগা ফুলৰ দলিচাত দুয়োৰে খোজ,
অহা যোৱা কৰি থকা ডাৱৰৰ আঁৰে আঁৰে,
ৰিণিকি ৰিণিকি দেখা দুটি জলপ্রপাত,
মেঘালয়ৰ মেঘাছন্ন আকাশ……….
আৰু মাদকতাৰ মেঘালীয়ে চানি থকা দুয়োৰে আবেগ
চেৰাপুঞ্চীৰ সান্নিধ্যত পাৰ কৰা এটি কুঁহিলা কুঁহিলা দিন ……….
লা নীলা ৰাতিৰ নীলাভ নিবিড়তা…..
চিপ চিপ বৰষুণৰ লাহে লাহে বাঢ়ি অহা ঢল
হঠাৎ এজাক কোবাল বৃষ্টি,
কহুঁৱা কহুঁৱা সুবাস দুখনি হৃদয়ৰ,
কপাহী কপাহী স্নেহ দুটি আবেগৰ….
দূৰৰ সেই জুৰিৰ শান্ত গতি
দুটা জীৱনত জ্বলিছে একেটি জ্যোতি….
দুটি অপৰূপ সপোনৰ সার্থক হোৱাৰ ক্ষণ,
চেৰাপুঞ্চীৰ এটি মূহুর্ত্ত
চেৰাপুঞ্চীৰ বতাহৰ এটি কোমল স্পর্শ..
খুবলেই চিবোন, চেৰাপুঞ্চী

Comments

Popular Posts