আকাশৰ নীলাবোৰ ............
আকাশৰ নীলাবোৰ চিয়াঁহিত ঢালি তোমালৈ দিছোঁ পঠাই,
সাগৰৰ নীলাখিনি সানি দিছো মই দুহাতেৰে নিজে গোতাই ।।
নীলা পাহাৰ নীলা নীলা সপোনৰ প্রতিধ্বনিবোৰ আছোঁ শুনি,
তোমাৰ কবিতাৰ সুৰে কৰে যেন এই পৃথিবী শুৱনি …
তোমাৰ কলমৰ চিয়াঁহিৰ ৰং চৌপাষে দিয়া বিলাই,
এজাক বৰষুণৰ পানিয়ে আজি যাওক মনৰ পথাৰখনি তিয়াই ।।
খৰিকাজাঁই ফুলৰ সুবাসে যেনেকৈ আনি দিয়ে মনলৈ আশা,
তোমাৰ স্রিষ্টিৰ পোহৰে কৰিব জোনাকি এই এন্ধাৰ নিশা ।।।।
Comments
Post a Comment