উন্মুক্ত মন
কোনোবা অচিন দিগন্তত যেন হেৰায় গ’ল মোৰ উন্মুক্ত মন…
সন্ধিয়া ঘৰমুৱা এজাক অনামিকা পখিক চাই চাই
মই মনত পেলাওঁ অতীতৰ বুকুত এৰি থৈ অহা মুকলি আকাশখন -
কেতিয়া, কেনেকৈ আৰু ক’ত হেৰুৱালোঁ মই নেজানিলোঁ…
হয়তো সভ্যতাৰ দাবিৰ আগত সেও মানিলোঁ,
নতুবা শৈশৱৰ শেষ প্রহৰত উচৰ্গা কৰিলোঁ মই মোৰ এহাশুধীয়া চিত্তক..
মৰম, চেনেহ, মোহ, মায়া, অভিমান –
এনে বহু নানাৰঙী শিকলিৰে মই বান্ধি পেলালোঁ মোৰ মনটোক,
আৰু শিকলিৰ কটকটীয়া বান্ধোনত থাকি থাকি মুক্তিক মই পাহৰি পেলালোঁ..
কৈশোৰৰ দুৱাৰডলিত থমকি ৰৈ অলপমান সময় মই বিছাৰিছিলোঁ
মোৰ মুক্ত মনৰ ঠিকনা,
কিন্তু নেপালোঁ তাৰ কোনো চিহ্ন…
সময় সলনি হ’ল নে মই সলনি হ’লো বাৰু ?
অভিজ্ঞতায়ে কৈ যায় মোক বহু নুবুজা, নুশুনা কথা –
আৰু জীৱনে হাঁহি-হাঁহি লেখি যায় মুক্তি আৰু বান্ধোনৰ বুৰঞ্জী,
মোৰ অগোচৰে কোনোবা অচিন দিগন্তত যেন হেৰায় যায় মোৰ উন্মুক্ত মন…
হ’লেও এজাক মুক্ত চৰায়ে মোক কৈ যায় কিছুমান পাহৰা কথা…
আজি মোৰ বহু আঁতৰ সেই অনুভূতি -
উন্মুক্ত মন এটি মাথোন সুমধুৰ স্মৃতি…..

Comments
Post a Comment