তোমাৰ কথাবোৰ...........
তোমাৰ কথাবোৰ………..
এজনি ন গাভৰুৰ কপাহী অনুৰাগ,
এখনি ঢৌ খেলা নৈৰ দুৰু দুৰু কপা ধমনী….
এটা নতুন কবিতা, এখনি নতুন উপন্যাস…..
এটি স্বস্তিৰ হুমূনিয়াঁহ….
এখন নতুন কিতাপৰ নতুন নতুন লগা এটি গোন্ধ…
বহুদিনৰ প্রখৰ ৰ’দৰ পাছত
এজাক বৰষুণে লৈ অনা মাটিৰ মৃদু সুবাস,
মহানগৰীৰ ভিৰৰ মাজত হঠাতে আহি
মোৰ দেহ-মন ছুই যোৱা এচাটি নিৰিবিলি বতাহ…
এক আকাশ নীলাৰ, এমুঠি ৰঙাৰ…… অনুভূতি…
দুবৰি বনত খোজ কঢ়াৰ আমেজ,
এপাহ তগৰত পৰি ৰোৱা নিয়ৰকণা দুটোপাল সতেজ…
এঙামুৰি লৈ সাৰ পাই উঠা এটি সপোন যেন পালো,
তলসৰা বকুল ফুলে ফুল বছা সেউজী দলিচাতে সৰি পৰা
ৰিম ঝিম বৰষুণৰ আশীর্বাদ যেন পালো ……..।
Comments
Post a Comment