কিয় বাৰু মই লিখিছোঁ আজি?


কিয় বাৰু মই লিখিছোঁ আজি?

কোনে পঢ়িব এই আখৰৰ খেলি মেলি ?

কবিতাজানো হয় এনেকুৱা ?

কোনো বিশেষ্য নোহোৱা যেন এৰা বাটৰ ধূলি ……

ইন্দ্রধনুৰ সাতোৰং সানিলো জানো ?

এমুঠি আনিলো নে মই আবেগৰ নীলিমা ?

সাৰসিকতি নোহোৱা মৃতপ্রায় মনে পাৰিবনে 

বোলাই দিব এই শেতা ভাবনাত লালীমা ?

নিঃসঙ্গতাৰ পিৰালিত কাৰ কথোপকথন ?

ভাগৰত অৱশ এই মাটিৰ দেহা………

মাটিৰে ৰঙেৰে মাটিয়া ভাষাৰে

পূৰ্ণাঙ্গ বনে কবিতাৰ কায়া ?

বিবৰ্ণ অনুৰাগৰ উৱলা পজাটিত

জ্বলাইছো সযতনে কবিতাৰ চাকি,

যদিহে পোৱা এজাক ধুমুহাৰ আগজাননি

ধৰিবা শিখাটি দুই তলুৱাৰে ঢাকি ।।

Comments

Popular Posts