যদিও বেয়া পাওঁ মই ...
ৰাতিৰ ঘোপমৰা এন্ধাৰৰ বুকুত
মই কেতিয়াবা বিছাৰি চাওঁ
তোমাৰ প্রতিশ্রুতিবোৰৰ জোনাক…
যদিও এন্ধাৰ বেয়া পাওঁ মই…
তিনি আলিৰ চুকত ৰৈ
বেবেৰিবাং কথাবোৰ বকি বকি
হাঁহি আৰু কান্দোনৰ ভাওনা দেখুৱাই থকা
আদহীয়া মদপীটো দেখিলে
মই ক্ষন্তেক সময় ভাবিবলৈ বাধ্য হওঁ,
যে মদৰ নিচায়ে বাৰু সচাকে
সকলো বেদনা পাহৰাব পাৰে নেকি ?
যদিও মদ আৰু মদপীক বেয়া পাওঁ মই………..
অত্যাধুনিক মনোবৃত্তি আৰু
ক্ষণস্থায়ী স্মৰণ-শক্তিৰে গহীন গম্ভীৰ
সেই সমাজৰ বৰমুৰীয়া সকলক দেখিলে
মোৰ ধাৰনা হয়,
মইওঁ তেনে হোৱা হ’লে সোঁৱৰণীৰ আঁচলত
ধৰি ধৰি চকুলো মচিব লগীয়া নহ’লেহেঁতেন;
চলন্ত জীৱনত আবেগতকৈ
ব্যৱহাৰিক অনুভৱনে প্রাধিন্য পালেহেঁতেন……
যদিও সেই মনোবৃত্তি মই বেয়া পাওঁ…
অকলশৰীয়াকৈ কিছুমান মুহূর্ত্তত
সকলো দায়িত্ব, নিয়মাৱলী কাটি কৰি
মাথো নিজৰ সৈতে কথোপকথন কৰোঁ মই;
বিছাৰি পাওঁ বহুতো জটিল প্রশ্নৰ উত্তৰ,
সমিধানৰ অপেক্ষাত পৰি ৰয় বহু সাঁথৰ,
নিৰিবিলি মুহূর্ত্ত আৰু ৰিঙা ৰিঙা মনৰ
কিছুমান ধূসৰ উপলব্ধি…
যদিও নিঃসঙ্গতা বেয়া পাওঁ মই …..
মই কেতিয়াবা বিছাৰি চাওঁ
তোমাৰ প্রতিশ্রুতিবোৰৰ জোনাক…
যদিও এন্ধাৰ বেয়া পাওঁ মই…
তিনি আলিৰ চুকত ৰৈ
বেবেৰিবাং কথাবোৰ বকি বকি
হাঁহি আৰু কান্দোনৰ ভাওনা দেখুৱাই থকা
আদহীয়া মদপীটো দেখিলে
মই ক্ষন্তেক সময় ভাবিবলৈ বাধ্য হওঁ,
যে মদৰ নিচায়ে বাৰু সচাকে
সকলো বেদনা পাহৰাব পাৰে নেকি ?
যদিও মদ আৰু মদপীক বেয়া পাওঁ মই………..
অত্যাধুনিক মনোবৃত্তি আৰু
ক্ষণস্থায়ী স্মৰণ-শক্তিৰে গহীন গম্ভীৰ
সেই সমাজৰ বৰমুৰীয়া সকলক দেখিলে
মোৰ ধাৰনা হয়,
মইওঁ তেনে হোৱা হ’লে সোঁৱৰণীৰ আঁচলত
ধৰি ধৰি চকুলো মচিব লগীয়া নহ’লেহেঁতেন;
চলন্ত জীৱনত আবেগতকৈ
ব্যৱহাৰিক অনুভৱনে প্রাধিন্য পালেহেঁতেন……
যদিও সেই মনোবৃত্তি মই বেয়া পাওঁ…
অকলশৰীয়াকৈ কিছুমান মুহূর্ত্তত
সকলো দায়িত্ব, নিয়মাৱলী কাটি কৰি
মাথো নিজৰ সৈতে কথোপকথন কৰোঁ মই;
বিছাৰি পাওঁ বহুতো জটিল প্রশ্নৰ উত্তৰ,
সমিধানৰ অপেক্ষাত পৰি ৰয় বহু সাঁথৰ,
নিৰিবিলি মুহূর্ত্ত আৰু ৰিঙা ৰিঙা মনৰ
কিছুমান ধূসৰ উপলব্ধি…
যদিও নিঃসঙ্গতা বেয়া পাওঁ মই …..
Comments
Post a Comment