মৰিচিকা খেদিবলৈ গৈ.....

এটি আসোঁৱাহ, যেন অলপমান মতিভ্রম হৈছিল,
মৰিচিকা খেদিবলৈ গৈ……
আৰু ক্ষন্তেক পিছতে চাগে বিলীন হৈ  হয় হেজাৰটা
স্বপ্নৰ আধাসজা পৃথিবী
মৰিচিকা খেদিবলৈ গৈ……
আমনি কৰি থকা আবেগে বিবেকক ঢাকিব খুজিছিল
মৰিচিকা খেদিবলৈ গৈ……
ধোঁৱা ধোঁৱা অনুভূতিৰ কেচা কেচা লগা মিছা অঙ্গীকাৰ,
আৰু মৌনতাত লুকুৱা সচা সচা ভাবনাৰ নৈমিত্তিক হুংকাৰ
নিলা মাদকতাৰ লা লা ৰূপ পলমকৈ লেও দেখিলো
চাকি লৈ বিছৰা হেঙূলীয়া আবেগ কাষতে বিচাৰি পালো……
মৰিচিকা খেদিবলৈ গৈ……
অভ্রান্তৰ অৱগতি, দিঠকৰ স্পষ্ট ছবি, এমুঠি বিশ্বাস, একপাল সপোন,
ঘূৰাই আনিলো মই, বিনাশৰ চৰাঘৰৰ পৰা
মৰিচিকা খেদিবলৈ গৈ……
মই ঘূৰি আহিলো জানানে ধ্বংসৰ পদুলিৰ পৰা……।।

Comments

Popular Posts