ঊষা

নিশাৰ কৃষ্ণাঙ্গী কুঁৱলী আঁতৰিল,
দীপিকাৰ আভাৰ উৰুলিয়ে আদৰিলে ঊষাক
তেজাল ৰঙা চাদৰৰ ওৰণি লৈ আহিল পুৱা
জোনটিয়ে লে বিদায় বলে জিৰণি,
অৱসাদ তৰালিয়ে কৰিছে আমনি
ৰাতিৰ মেঘে বুকুতে লুকুৱালে তৰালিক আনি
পোহৰে আকাশত ৰং দিলে সানি
কাহিলি পুৱাতে বাহি চোতাল সাৰিলে নিয়ৰে
আৰু চিনাকী-অচিনাকী চৰাইবোৰ এঙামুৰি লৈ সাৰ পালে
দিনতো লৈ বুলি সাজু  সিহঁত
স্নিগ্ধ ৰূপেৰে তিতা চুলিকোছা পিঠিতে পেলাই
গোঁসাই চাকিগজ জ্বলালে  বোৱাৰিজনীযে
পইতা ভাত কেইতা নাকে মুখে গুজি
নাঙল লৈ ওলাল আধি খোৱা খেতিয়কজন
আৰম্ভ  একানব্বৈ বছৰীয়া 
তামোল ৰুকি খোৱা আইতাৰ বকনি
কাঁহৰ লাল চাহ এবাতি আৰু এটুকুৰা গুড়ৰ 
সোৱাদ লৈ দেউতা হল তৃপ্ত
পাকঘৰৰ যুদ্ধখনৰ বাবে হেতা বাচন লৈ
মায়ে টঙালি বান্ধিলে
আৰু মই ?
হেৰাই গলো ঊষাৰ সৌন্দর্য্যত
আৰু মাত্র এক মিনিট শুই  বুলি 
ভবা আ্মেজত

Comments

Popular Posts