ৰং


তুমি ৰং বুটলিছা?
নীলাচলৰ নীলা বৰণ গোটালানে
আৰু মানাহ নদীৰ স্বচ্ছতাখিনি সামৰিলা জানো?
বা কিন্তু একাজলী সোণাৰুৰ হালধীয়া,
আৰু  খেতিৰ চকুৰোৱা ৰঙ, কলপতীয়া 
সন্ধ্যা আকাশৰ হেঙুল আনিছানে তুমি?
থুপাই থোৱা কাষতে খৰিকজাঁইৰ শুকুলা আভা
তেজ ৰঙা বেলিটিৰ এচলু ৰক্তিমা…..
লা লৈ অপেক্ষাৰত নিশাৰ কৃষ্ণবৰ্ণী দেহা 
জ্যেষ্ঠৰ আশীর্বাদত,জ্ঞানৰ পোহৰত পাবা নানা বৰ্ণ,
ৰঙৰ ভঁৰাল এতিয়া তোমাৰ  পৰিপুৰ্ণ 

গোটালানে তুমি বাৰু জীৱনৰ চিত্ৰফলক?
স্রজিবা তাতেই নানাৰঙী 
ভাবনাৰ সপোন আৰু দিঠক 
বোলাই দিয়া তুলিকাত ভিণ্ণ ৰং 
আৰু সাঁজা মানবতাৰ আকৃতি,
ঢালি দিয়া আশাৰ চানেকি,
কৰি যোৱা নিতে তুমি নৱ নৱ সৃষ্টি 
পুৰ্ণ শেহান্তৰ ছবিখনি মোক দিবা
বিছাৰিম তাৰ বৈভিণ্ণতাৰ মাজত
অতযুগে বিছাৰি নোপোৱা
ঐক্যতাৰ সাঁচ, আৰু অনাগত দিনৰ
প্রগতিৰ ঠিকনা……………
  

Comments

Popular Posts