বৰষুণ আহিছে
আজি বৰষুণ আহিছে
আৰু লগতে আহিছে সময়ৰ এলান্ধুৱে
ধূসৰ কৰি তোলা মিঠা সোঁৱৰণিৰ ঢল………
আজিকালি তুমি হেনো কবিতা নিলিখা ?
কিন্তু সঁচাকৈ কোৱাছোন -
এনে বতৰত এতিয়াও বাৰু গধূলিপৰত
তুমি নিৰবে কবিতা লেখানে?
মনত পৰেনে বহুবছৰ আগৰ
বহাগ মাহৰ কিনকিনিয়া এজাক বৰষুণ ?
আগ-বাৰিষাৰ চেঁচা পৰশত
নাচি উঠিছিল মোৰ হৃদয়ৰ কপৌপাহি,
তোমাৰ মুখত শুনিছিলোঁ মই নবকান্তৰ অৰূন্ধুতিৰ কথা,
বৰষুণৰ সৰু-সৰু টোপালবোৰে
তোমাৰ কপালত এখনি তৰাৰে ভৰা আকাশৰ ছবি আঁকিছিল,
তুমি মোক কৈছিলা জীৱনানন্দৰ বনলতাৰ কথা…
মই কিমান বুজিছিলো মই নেজানোঁ,
কিন্তু কথাবোৰ শুনি মোৰ ভাল লাগিছিল।
সেইদিনা মোৰ চকুত চকু থৈ তুমি কৈছিলা
তোমাৰ প্রেয়সীৰ কথা,
মই তন্ময় হৈ মাথো শুনিছিলোঁ,
সেয়া মোৰ প্রেম আছিল
নে আৰাধনা ?
নে তোমাৰ প্রতি কিবা এটি অনামিকা আবেগ ?
মই নেজানিলোঁ….
আজি আকৌ বৰষুণ আহিছে,
তুমি আজি ক’ত? কি কৰা ? কেনেকৈ আছা ?
মই নেজানোঁ।
পিছে এটা কথা বুজি পাওঁ মই-
এতিয়াও বহাগৰ কপৌফুলত তোমাৰ কবিতাৰ ৰং দেখোঁ মই,
আজিও সেমেকা গধূলিপৰত অৰূন্ধুতি, বনলতাৰ মুখামুখি হওঁ মই,
আৰু আজিও তোমাৰ অনুপস্থিতিত তোমাৰেই কথা ভাবোঁ মই………
আৰু লগতে আহিছে সময়ৰ এলান্ধুৱে
ধূসৰ কৰি তোলা মিঠা সোঁৱৰণিৰ ঢল………
আজিকালি তুমি হেনো কবিতা নিলিখা ?
কিন্তু সঁচাকৈ কোৱাছোন -
এনে বতৰত এতিয়াও বাৰু গধূলিপৰত
তুমি নিৰবে কবিতা লেখানে?
মনত পৰেনে বহুবছৰ আগৰ
বহাগ মাহৰ কিনকিনিয়া এজাক বৰষুণ ?
আগ-বাৰিষাৰ চেঁচা পৰশত
নাচি উঠিছিল মোৰ হৃদয়ৰ কপৌপাহি,
তোমাৰ মুখত শুনিছিলোঁ মই নবকান্তৰ অৰূন্ধুতিৰ কথা,
বৰষুণৰ সৰু-সৰু টোপালবোৰে
তোমাৰ কপালত এখনি তৰাৰে ভৰা আকাশৰ ছবি আঁকিছিল,
তুমি মোক কৈছিলা জীৱনানন্দৰ বনলতাৰ কথা…
মই কিমান বুজিছিলো মই নেজানোঁ,
কিন্তু কথাবোৰ শুনি মোৰ ভাল লাগিছিল।
সেইদিনা মোৰ চকুত চকু থৈ তুমি কৈছিলা
তোমাৰ প্রেয়সীৰ কথা,
মই তন্ময় হৈ মাথো শুনিছিলোঁ,
সেয়া মোৰ প্রেম আছিল
নে আৰাধনা ?
নে তোমাৰ প্রতি কিবা এটি অনামিকা আবেগ ?
মই নেজানিলোঁ….
আজি আকৌ বৰষুণ আহিছে,
তুমি আজি ক’ত? কি কৰা ? কেনেকৈ আছা ?
মই নেজানোঁ।
পিছে এটা কথা বুজি পাওঁ মই-
এতিয়াও বহাগৰ কপৌফুলত তোমাৰ কবিতাৰ ৰং দেখোঁ মই,
আজিও সেমেকা গধূলিপৰত অৰূন্ধুতি, বনলতাৰ মুখামুখি হওঁ মই,
আৰু আজিও তোমাৰ অনুপস্থিতিত তোমাৰেই কথা ভাবোঁ মই………
Comments
Post a Comment