তেওঁ সপোন ৰহণ সনা বহু কথা কয়
আকাশত ৰামধেনুৰ ৰং বিছাৰোতে ডাৱৰৰ মুখামুখি হ’লো
এজাক শীতল বতাহৰ বাবে ৰৈ থাকোতে বৰদৈচিলাৰে পৰিচয় ঘটিল
দিন আৰু ৰাতিৰ মিলনৰ সন্ধিয়াত দিবসৰ অস্তিত্বই দেখোন হেৰাল আজি
কেতিয়াবা তেওঁ জোনাকৰ পোহৰতে সুখী হয়
আৰু কেতিয়াবা কাহিলীপুৱাৰ পোহৰৰ কথা কয়
এজাক শীতল বতাহৰ বাবে ৰৈ থাকোতে বৰদৈচিলাৰে পৰিচয় ঘটিল
দিন আৰু ৰাতিৰ মিলনৰ সন্ধিয়াত দিবসৰ অস্তিত্বই দেখোন হেৰাল আজি
কেতিয়াবা তেওঁ জোনাকৰ পোহৰতে সুখী হয়
আৰু কেতিয়াবা কাহিলীপুৱাৰ পোহৰৰ কথা কয়
গতিশীল জীৱনৰ গতিশীল সময়
মোৰ অৱকাশ নাই দিঠকৰ কথাবোৰ ভবাৰ
সপোন আৰু কল্পনা মোৰ অপৰিচিত
কিন্তু কেতিয়াবা পুৱতি নিশা মোৰ কেঁচা টোপনি ভাগে
আৰু কেতিয়াবা তেওঁ সপোন ৰহণ সনা বহু কথা কয়
Comments
Post a Comment