মই নহওঁ তোমাৰ ........
মই হেনো তোমাৰ কবিতা……
কিন্তু নাই মোৰ আশে পাশে আ-কাৰ, ই-কাৰ,
নাই ছন্দৰ লয়, নাই শব্দৰ ভঁৰাল…
অকলশৰীয়া উপত্যকাৰ আপৰিচিত ফুলনিৰ
মালিনী মই…
মই নহওঁ তোমাৰ কবিতা,
মই নহওঁ তোমাৰ নাটৰ নায়িকা ।
মই হেনো এটি সপোন….
কিন্তু মই দিয়া নাই নীলা আবেগৰ প্রতিশ্রুতি,
নাজানোঁ পোহৰাব এন্ধাৰৰ বৰণ,
নোৱাৰোঁ বিলাব আশাৰ লহৰ,
ৰ’দে ডেই নিয়া মৰমবোৰ জীপাল নকৰো মই,
মই নহওঁ তোমাৰ ৰাজ্যৰ কুঁৱৰী,
মই নহওঁ তোমাৰ জীৱনৰ লগৰী ।
মই হেনো এটি ধূসৰ ছাঁয়া….
কিন্তু চকা-মকা পোহৰত মইও হওঁ দিশহাৰা,
প্রহেলিকা নহয় মোৰ মনৰ কথাবোৰ,
মইও উচপ খাওঁ জয়াল ৰাতি,
মই নহওঁ তোমাৰ চোতালতে পৰি ৰোৱা চিনাকী ছাঁ,
মই নহওঁ তোমাৰ দেহা ছুই যোৱা জুৰণীয়া বতাহৰ বা ।
মই হেনো প্রাণভৰা জুৰি….
কিন্তু মোৰ ঢৌবোৰত নাই কোনো সৃষ্টিৰ জোৱাৰ,
অমৃতৰ পৰশ নাই মোৰ পানিত,
নাই নাৱৰীয়াক দিবলৈ মধুৰ আহ্বান ।
মই নহওঁ তোমাৰ নাৱৰ নাবিক,
মই নহওঁ তোমাৰ বাটৰ পথিক ।
মই কোন হয় তোমাৰ ?
হয়তো মোৰ নাম প্রেৰণা..
কঢ়িয়াই আনিছোঁ মই কবিতাৰ ৰং…..
হয়তো মই নিসঙ্গতাৰ সঁহাৰি,
নতুবা মাতিবা মোক মেঘনা বুলি..
উটুৱাই লৈ যাম তোমাক মোৰ ফুলনিৰ দেশলৈ…
মই প্রতিবিম্ব তোমাৰ মনৰ,
মই সপোন নহয়, মই দিঠকৰহে প্রহৰী….।
কিন্তু নাই মোৰ আশে পাশে আ-কাৰ, ই-কাৰ,
নাই ছন্দৰ লয়, নাই শব্দৰ ভঁৰাল…
অকলশৰীয়া উপত্যকাৰ আপৰিচিত ফুলনিৰ
মালিনী মই…
মই নহওঁ তোমাৰ কবিতা,
মই নহওঁ তোমাৰ নাটৰ নায়িকা ।
মই হেনো এটি সপোন….
কিন্তু মই দিয়া নাই নীলা আবেগৰ প্রতিশ্রুতি,
নাজানোঁ পোহৰাব এন্ধাৰৰ বৰণ,
নোৱাৰোঁ বিলাব আশাৰ লহৰ,
ৰ’দে ডেই নিয়া মৰমবোৰ জীপাল নকৰো মই,
মই নহওঁ তোমাৰ ৰাজ্যৰ কুঁৱৰী,
মই নহওঁ তোমাৰ জীৱনৰ লগৰী ।
মই হেনো এটি ধূসৰ ছাঁয়া….
কিন্তু চকা-মকা পোহৰত মইও হওঁ দিশহাৰা,
প্রহেলিকা নহয় মোৰ মনৰ কথাবোৰ,
মইও উচপ খাওঁ জয়াল ৰাতি,
মই নহওঁ তোমাৰ চোতালতে পৰি ৰোৱা চিনাকী ছাঁ,
মই নহওঁ তোমাৰ দেহা ছুই যোৱা জুৰণীয়া বতাহৰ বা ।
মই হেনো প্রাণভৰা জুৰি….
কিন্তু মোৰ ঢৌবোৰত নাই কোনো সৃষ্টিৰ জোৱাৰ,
অমৃতৰ পৰশ নাই মোৰ পানিত,
নাই নাৱৰীয়াক দিবলৈ মধুৰ আহ্বান ।
মই নহওঁ তোমাৰ নাৱৰ নাবিক,
মই নহওঁ তোমাৰ বাটৰ পথিক ।
মই কোন হয় তোমাৰ ?
হয়তো মোৰ নাম প্রেৰণা..
কঢ়িয়াই আনিছোঁ মই কবিতাৰ ৰং…..
হয়তো মই নিসঙ্গতাৰ সঁহাৰি,
নতুবা মাতিবা মোক মেঘনা বুলি..
উটুৱাই লৈ যাম তোমাক মোৰ ফুলনিৰ দেশলৈ…
মই প্রতিবিম্ব তোমাৰ মনৰ,
মই সপোন নহয়, মই দিঠকৰহে প্রহৰী….।
Comments
Post a Comment