শীতৰ আহ্বান লৈ অহা এটি ৰাতিপুৱা...

শীতৰ আহ্বান লৈ অহা এটি ৰাতিপুৱা

সেমেকা ঘাঁহনিডৰাই মোৰ ভৰিৰ তলুৱাত

এটি আলসুৱা চুমা আঁকি যায়

চৰাইজাকৰ কিৰিলিৰ শব্দবোৰ

আলস্যৰ গহ্বৰৰ পৰা ওলাই আহিছে

উঠো-নুঠোকৈ এঙামুৰি লৈ

চকু মেলি চাই ৰশ্মিয়ে মিচিকিয়াই হাঁহে

চাৱনিত জিলিকি উঠে আহ্লাদ..

সদ্যস্নাতা প্ৰকৃতিৰ নৈসৰ্গিক ৰূপ..

এচাটি চেঁচা বতাহৰ পৰশে সাৰ পোৱাই দিয়া 

এমুঠি অনুভব

আৰু পুৱাৰ প্রথম দজাকে কাণে কাণে 

কৈ যোৱা কথাবোৰ

পাতল কুঁৱলীৰ আঁৰে আঁৰে মই দেখিছোঁ নীলিমাৰ

কিছুমান নিঃসঙ্গ টুকুৰা

সৰণ্যুৰ সাগৰত এতিয়া বেলিটি যেন

 কইনাৰ কপালত জিলিকি থকা এটি উজ্জ্বল সেন্দুৰৰ ফোঁট

তোমাৰ দোকমোকালিত কাৰ পৰিচয় তুমি পোৱা ?

মই নেজানোঁ

কিন্তু মোৰ প্রতি পুৱাতে মই বিছাৰি পাওঁ

তোমাৰ ভালপোৱাৰ নিয়ৰ..

আলফুলে পৰি ৰয় মোৰ অনুভূতিৰ পাপৰিত….

প্রতিশ্রুতিয়ে সপোনক আকোৱালি লয়

শীতৰ আহ্বান লৈ অহা এটি ৰাতিপুৱা

Comments

Popular Posts