নিসৰ্গৰ সৈতে বহোঁ এখন্তেক
নিসৰ্গৰ সৈতে বহোঁ এখন্তেক
নিঃসঙ্গতাৰে কৰোঁ আলাপ,
একাকিন মনৰ এককত্বৰ গৰ্ভত
আবেগে বকে প্রলাপ…
সপোন সাগৰত বহু ঢৌ আজি
ঢৌতে মাদকতাৰ নাচোন,
আঁতৰি যায় মোৰ অতীত ও বৰ্ত্তমান
অনাভুৱা ভবিষ্যত হয় আপোন…
নিয়ৰবোৰে সৰি পৰি চুমিছে নিশা
খৰিকাজাঁইৰ শুভ্র পাহি,
মোৰ উকা শিৰতে সেন্দুৰ বোলালে
উন্মনা জোনাকে আহি…
বুজিও নুবুজোঁ, জানিও নেজানোঁ
বহু কথা তোমাৰ মনৰ,
তৰালীয়ে কাণে কাণে লাহেকৈ ক’লেহি
বতৰা আপোনজনৰ ……
প্রকৃ্তি শুৱনি, পৃথিৱী সাদৰী,
আৰু লাহৰী প্রেয়সী তোমাৰ,
সীমাহীন আকাশ, বলিয়া মেঘ
আৰু উতলা চেনেহ অপাৰ…
উজাগৰি ৰাতি সপোনৰ দেশত
অনুভবৰ অবিৰাম গতি,
উন্মনা মই, জোনৰো যৌৱন
পাহৰণিত নিয়ম-নীতি…
চোৱাছোন বতাহত আহিছে ভাহি
দূৰণিৰ কহুঁৱা অনুভূতি,
সাৱটে আহি কুৱঁলীয়ে মোক
তৃপ্ত হয় প্রকৃতি………।।
নিঃসঙ্গতাৰে কৰোঁ আলাপ,
একাকিন মনৰ এককত্বৰ গৰ্ভত
আবেগে বকে প্রলাপ…
সপোন সাগৰত বহু ঢৌ আজি
ঢৌতে মাদকতাৰ নাচোন,
আঁতৰি যায় মোৰ অতীত ও বৰ্ত্তমান
অনাভুৱা ভবিষ্যত হয় আপোন…
নিয়ৰবোৰে সৰি পৰি চুমিছে নিশা
খৰিকাজাঁইৰ শুভ্র পাহি,
মোৰ উকা শিৰতে সেন্দুৰ বোলালে
উন্মনা জোনাকে আহি…
বুজিও নুবুজোঁ, জানিও নেজানোঁ
বহু কথা তোমাৰ মনৰ,
তৰালীয়ে কাণে কাণে লাহেকৈ ক’লেহি
বতৰা আপোনজনৰ ……
প্রকৃ্তি শুৱনি, পৃথিৱী সাদৰী,
আৰু লাহৰী প্রেয়সী তোমাৰ,
সীমাহীন আকাশ, বলিয়া মেঘ
আৰু উতলা চেনেহ অপাৰ…
উজাগৰি ৰাতি সপোনৰ দেশত
অনুভবৰ অবিৰাম গতি,
উন্মনা মই, জোনৰো যৌৱন
পাহৰণিত নিয়ম-নীতি…
চোৱাছোন বতাহত আহিছে ভাহি
দূৰণিৰ কহুঁৱা অনুভূতি,
সাৱটে আহি কুৱঁলীয়ে মোক
তৃপ্ত হয় প্রকৃতি………।।
Comments
Post a Comment