প্ৰবলতা, তুমি ক’ত ?
প্ৰবলতা, তুমি ক’ত ?
কোনোবা আত্মঘাটি মনোবল কঢ়িয়াই লৈ ফুৰা উগ্রবাদিৰ প্ৰচণ্ড সাহসত ?
নে অণ্ণবিহীন আন্দোলনেৰে সত্ত্বা কপোৱা সততাৰ বার্ধক্যত ?
তীব্ৰতা আছেনে বাকি আজি সৰুপথাৰৰ সেই দৃঢ় প্রতিজ্ঞাবোৰত ?
আছেনে ৰক্তিম প্ৰকোপ আজি ছাত্রবৃন্দৰ ভাষাৰোধি ধাৰনাবোৰত ?
‘অ’ মোৰ আপোনাৰ দেশ”এ আনে নে সেই শিহৰণ তোমাৰ দেহত ?
মানাহৰ শ্যামলীমা আভা আমাৰ আছেনে মনত ?
মাঈহাঙ বাতি-বান কাঁহিত পাওঁ নে মই এসাঁজ আহাৰৰ স্বাদ ?
প্ৰাবল্য আজি কাৰ মাতত? শুনোঁনে মই ৰঞ্জীত বৰপূজাৰীৰ আর্তনাদ ?
তাঁতৰ কাপোৰযোৰ কিয় লাগে তোমাৰ লাৱণ্যহীন ?
শিৱদৌলৰ আৰতি আৰু মাজহাৰৰ আজানক কিয় কৰিলোঁ আবেগবিহীন ?
উগ্ৰতা নাই আজি লুইতৰ বিননিত,
স্পৃহাযুক্ত নহয় আমাৰ বাবে আজি অসমীৰ বাতৰি…
আসক্তি নাই আজি সেই ডিখৌপৰীয়া প্রেয়সীৰ মৰমত
তীব্ৰতা নাই গগনাৰ মাতত, আকুল নহয় মন হুচঁৰিৰ আহ্বানত ।
বুঢ়াপাহাৰৰ একা বেকা আলিৰ কাষত লুকাই আছেনে আজিও
“সাৱধানিৰ মৰণ নাই” লেখি থোৱা হালধিয়া চাইন বোর্ড ?
আছেনে তোমাৰ মনত, কবিতাৰে বুৰাই পেলোৱা
আজিও অপেক্ষাৰত তোমাৰ প্রেমিকাৰ হৃদয়ৰ ঠিকনা?
আছেনে হৈ এতিয়াও ইমান তীব্র এইবোৰ অনুভব ?
প্ৰবলতা আছেনে আজিও মোৰ মনৰ বৰদৈচিলাত ?

Comments
Post a Comment