তোমাৰ হাঁহিৰ শব্দৰ প্রতিধ্বনিবোৰ মই শুনিছোঁ
তোমাৰ হাঁহিৰ শব্দৰ প্রতিধ্বনিবোৰ মই শুনিছোঁ
সেইবোৰ যেন মুকুতা মোৰ শৈশৱৰ, মোৰ কৈশোৰৰ…
মোৰ ল’ৰালিৰ অ, আ, ক, খৰ ভেঁটি সেই মুকুতা
তোমাৰ হা-হুমুনিয়াহ শুনাৰ পৰিপক্কতা এতিয়াও নাই হোৱা মোৰ…
হয়তো কেতিয়াবা বুজিও নেপাওঁ মই তোমাৰ কথাবোৰৰ অৰ্থ
মোৰ দুৰ্বল আঁঠুত যদিও উৰ্জা নাছিল – মই ঠিয় হৈছিলো তোমাৰ অনুপস্থিতিতো,
মোৰ সৰু সৰু দুহাতত কোনোবাই আঙুলিৰে ধৰি খোজ দিবলে শিকোৱা নাছিল,
মই খোজ দিছিলো নিসৰ্গৰ সহযাত্রী হৈ…।
তোমাৰ উচুপনিত তিতি যোৱা নাছিল মোৰ দোকমোকালিৰ দুবৰি
কিন্তু মোৰ ভৰিৰ তলুৱাত নিয়ৰৰ ৰসালি পৰশ অনুভৱ কৰিছিলো মই..
সৌ তাহানিৰ পানী-বেলুনৰ কথা মনত পৰেনে বাৰু?
হাতত থাকিও তিয়াব নোৱাৰিছিল মোৰ দুহাতৰ ৰেখা…
তোমাৰ চকুপানী মই নেদেখোঁ
পিছে মোৰ চোতালৰ শেৱালীজোপাত পৰি ৰোৱা দেখিছো মই আবতৰীয়া নিয়ৰৰ টোপাল,
মোৰ ঘূণে ধৰা যৌৱনৰ উদাসীন পলসত হেৰাই যায় সেই অশ্রুবণ্যা
মোৰ অগোচৰে সৰকি যায় সময়ৰ বালি
মই বুটলি আনোঁ এমুঠি সপোন তোমাৰ পিৰালিৰ পৰা
এজাক বৰষুণে জীপাল কৰেহি মোৰ পুৱতি নিশাৰ পথাৰ
হয়তো এদিন গজালি মেলিব সুপ্ত দিঠকে
হয়তো এদিন ৰুণ দিব মৌন হৃদয়ে……………।।
Comments
Post a Comment