কতনা ৰাগ

কতনা ৰাগ, কতনা সুৰ,
নিগৰি আহে নিশাৰ এন্ধাৰত
কোনোবা অচিনাকী বাদকৰ
সুৰীয়া নিঃসঙ্গতাবোৰ  ……

নীলিম আকাশৰ অৱস হৈ পৰা
অনুভূতিবোৰৰ মাজত,
নতুবা মেঘালীৰ
গভীৰ আলিঙ্গনত  ………
 আছেনো সেই অনুভৱৰ ঠিকনা ?

দিগন্তৰ হেঙূলত
নে সাগৰ সঙ্গমত?
কপি উঠা এখনি বুকুত
নে কান্দি উঠা এযুৰি চকুত ?
আছেনে সেই অনুভৱৰ ঠিকনা ?

নেজানিলো মই
অপৰিচিত ঠিকনা
বিচাৰি পালে  তোমাক

Comments

Popular Posts