আউল লাগিছে…….


আউল লাগিছে……. 
এন্ধাৰৰ মায়া আৰু ধূসৰ ছাঁয়া……
বিমোৰত পৰো মই 
চকামকাকৈ দেখা পাওঁ অস্পষ্ট উপস্থিতি
যেন কুৱঁলীৰ আঁৰেৰে আহিছে এটি সঁহাৰি
মোৰ প্রশ্নৰ নেপালো উত্তৰ
ক্লান্ত আত্মা, হতাশ মন
ভাগৰুৱা দেহ সন্ধান বিচাৰি ।।
পলাশৰ পৰাগ, শেৱালিৰ সুবাস,
আৰু তগৰৰ শুভ্রূতাৰ মাজতো নাই,
পুৱতি তৰা, কাঁচি জোনৰ নিশা
নিৰুত্তৰ মেঘালীয়েও ভেবা লাগি চাই ।।
হৃদয়ৰ কোণত, ধমনীৰ সোঁতত,
মনৰ বালিচৰাতো মৌনতাহে পালো,
চিনাকী ভাষাৰে কাকূতি কৰি মই 
অচিনাকী ঠিকনা বিচাৰি লো ।।
অতীত বুৰঞ্জী, ভবিষ্যত প্ৰহেলিকা,
বর্ত্তমান ধোৱাঁ ধোৱাঁ আবেগৰ খেল,
নিমাত সাথঁৰ এই অনুভূতি,
মনত উগুল থুগুল ভাবনাৰ মেল ।।
নিস্তব্ধ ৰাতি, নিতাল দিশ
দিম মই কিনো চানেকি??
মনৰ তুলিকাত সযতনে
থৈছো আকি তোমাৰেই চিনাকী ।।।

Comments

Popular Posts