সোণালী পথাৰৰ সোণালী দলিচা


সোণালী পথাৰৰ সোণালী দলিচা কিয় যে মনত পৰে,
সোণাৰু গছৰ সোণালী ৰূপে মন উতলা কৰে ।।
উজনিৰ কোনোবা চাহ বাগিছাৰ পৰা ভাহি আহে মাত ঝুমুৰ নাচৰ,
আইতাৰ চোতালৰ হুচৰি মই দেখা নাই বহু বছৰ  ……..
নামনিৰ ৰঙা মাটিৰ বোকা গছকি শৈশৱ কৰিলো পাৰ,
লুইতৰ ঢৌবোৰ মনত পেলাই মই কান্দিলো কতবাৰ ।।
সেউজী হাবি, নিলা-নিলা পাহাৰ আৰু একা বেকা পাহাৰৰ বাট,
পুখুৰীৰ পদুম, ৰবাবৰ গছ আৰু দিখৌ নইৰ সেই ঘাট।।
ৰিমঝিম বৰষুণ আৰু পলাশৰ ৰঙ সনা গান শুনিছানে নাই?
মায়াবিনি ৰাতিৰ ডেকা গায়কৰ সুৰে মন জুৰায়।।
মধূৰ স্মৃতি, শুৱনি হেপাহ আৰু বকুল ফুলৰ সেই মালা,
ৰূপালী মাটিৰ নিজানৰ আমেজ আন কৰবাত জানো তুমি পালা ??

Comments

Popular Posts