পৃথিৱী
এই পৃথিৱী,
আকাশীগঙ্গাৰ কোলাত
মাতৃ্ত্বৰ আমেজত নিচিন্ত মনেৰে এখন্তেক জিৰাই
পৃথিৱীয়ে নিয়ন্ত্রণ কৰিছে
জীৱন্ত অস্তিত্বৰ সহস্র অনুপ্রেৰণা ।
সুৰুযৰ ৰশ্মিস্নাতা প্রেয়সী পৃথিৱী,
জোনটিৰ মহিয়সী মাতৃ পৃথিৱী,
তৰালীয়ে বুটা বছা নীলা আঁচলৰ ওৰণি লৈ
কপাহী ডাৱৰৰ সাজেৰে সুসজ্জীত পৃথিৱী…
নীলা ধমনী সাগৰ নদীৰ
বিষুৱ ৰেখাৰ শিৰত সন্ধ্যাৰ হেঙূলৰ বোল…
উত্তৰায়ন বৃত্তৰ খাৰু পিন্ধি পৃথিৱী হয় শুৱনি,
মকৰ ক্রান্তিয়ে নেপুৰেৰে সজালে পৃথিৱীৰ ভৰি দুখনি ।
মহাসাগৰৰ ঢৌৰ স্পন্দনত অনুৰাগ,
পর্বতৰ বতাহৰ লয়ত মাদকতা,
পৃথিৱীৰ বুকুত জীৱনৰ জোৱাৰ
আৰু মনত বিশ্বাস পবিত্র মানবতাৰ ।
মনুষ্যৰ বর্বৰতাৰে ধর্ষিত হয় পৃথিৱী
কাহানিবা লাঞ্ছনাত লজ্জীত হয় পৃথিৱী
পৃথিৱীৰ আকৰ্ষণে মহাসমৰৰ বীজ ৰোৱে
তথাপিও ধুনীয়া
মোৰ পৃথিৱী
তোমাৰ পৃথিৱী……………।
আকাশীগঙ্গাৰ কোলাত
মাতৃ্ত্বৰ আমেজত নিচিন্ত মনেৰে এখন্তেক জিৰাই
পৃথিৱীয়ে নিয়ন্ত্রণ কৰিছে
জীৱন্ত অস্তিত্বৰ সহস্র অনুপ্রেৰণা ।
সুৰুযৰ ৰশ্মিস্নাতা প্রেয়সী পৃথিৱী,
জোনটিৰ মহিয়সী মাতৃ পৃথিৱী,
তৰালীয়ে বুটা বছা নীলা আঁচলৰ ওৰণি লৈ
কপাহী ডাৱৰৰ সাজেৰে সুসজ্জীত পৃথিৱী…
নীলা ধমনী সাগৰ নদীৰ
বিষুৱ ৰেখাৰ শিৰত সন্ধ্যাৰ হেঙূলৰ বোল…
উত্তৰায়ন বৃত্তৰ খাৰু পিন্ধি পৃথিৱী হয় শুৱনি,
মকৰ ক্রান্তিয়ে নেপুৰেৰে সজালে পৃথিৱীৰ ভৰি দুখনি ।
মহাসাগৰৰ ঢৌৰ স্পন্দনত অনুৰাগ,
পর্বতৰ বতাহৰ লয়ত মাদকতা,
পৃথিৱীৰ বুকুত জীৱনৰ জোৱাৰ
আৰু মনত বিশ্বাস পবিত্র মানবতাৰ ।
মনুষ্যৰ বর্বৰতাৰে ধর্ষিত হয় পৃথিৱী
কাহানিবা লাঞ্ছনাত লজ্জীত হয় পৃথিৱী
পৃথিৱীৰ আকৰ্ষণে মহাসমৰৰ বীজ ৰোৱে
তথাপিও ধুনীয়া
মোৰ পৃথিৱী
তোমাৰ পৃথিৱী……………।
Comments
Post a Comment