শুনিছানে তুমি?

শুনিছানে তুমি?
এবাৰ আকৌ লগ পাম আমি
এখন অচিনাকী মহানগৰৰ কোনোবা বেনামী আলিবাটত
এদিন আৰু এটি সন্ধিয়া আমি বৰষুণত তিতিম
অলিয়ে গলিয়ে, ৰাষ্টাই-পদুলীয়ে, দোকানে-পোহাৰে
কিছুমান পৰিভাষা বিছাৰিম
এবাৰ আকৌ লগ পাম আমি
হয়তো কোনোবা চিনাকী বন্দৰত
দুই অচিনাকীৰ দৰে
যুগ যুগান্তৰৰ ইতিহাস দুটিমান মুহূৰ্ততে আমি লেখিম
সপোনে সাগৰৰ ঢৌবোৰত এখন কালজয়ী উপন্যাস ৰচিব
বুজিছানে তুমি
এবাৰ আকৌ লগ পাম আমি
নিতৌ দেখি অহা পৃথিৱীখনৰ কোনো এক গোপন চুবুৰীত
পৰিচয়হীন কোনো ধৰ্মৰ দেৱতাক তুষ্ট কৰাৰ প্রয়াস কৰিম 
একান্ত আৰাধনাৰে
অপৰম্পৰাগত কিছুমান নিয়মৰ সূচি তৈয়াৰ কৰিম আমি
চকুলোৰে শাঁত হব অশান্ত মন

আৰু জানি থোৱা তুমি
আকৌ লগ পাম আমি এদিন
তুমি আৰু মই
মুকলি নীলা আকাশৰ তলত
পৃথিৱীয়ে হয়তো সংকোচ কৰিব
কিন্তু ভাবিবলে হয়তো আমাৰ অৱকাশ নেথাকিব………।।

Comments

Popular Posts