তোমাক লৈ যাওঁ ব’লা...


তোমাক লৈ যাওঁ লা

নীলা আকাশ ঢাকি ৰখা সৰণ্যুৰ সিপাৰে

উষ্ণতা, শীত, বৰষুণ আৰু আৰ্দ্ৰতাৰ সীমা ভেদি

লৈ যাম তোমাক 

এক বিমুক্ত পৃথিৱীলৈ….

সেই পৃথিৱীত থাকিব মৰমৰ নিয়ৰৰ টোপাল,

আৰু স্নিগ্ধ জোনাকীৰ তৰা বছা আঁচলৰ 

ৰূপুৱালী জিকমিকনিয়ে পোহৰাব চৌদিশ..

ধোঁৱা ধোঁৱা কুৱঁলীয়ে কঢ়িয়াই আনিব

এটি অনন্য আবেগৰ ঠিকনা….

নেথাকিব তাত কোনো উগ্র অনুভূতি

বৰঞ্চ এজাক মৃদু মলয়াই

আনিব গুপুতে শান্ত উপলব্ধিৰ সুবাস………

যাবানে তুমি ?

আটলান্টিকৰ গভীৰ নীলাভতকৈও 

অধিক নীলত্ব সনা অনামিকা মহাসাগৰৰ

সোঁমাজত লুকাই থকা শ্যামল দ্বীপটোলৈ????

তাতে আমি যানোচা সাজিবই পাৰোঁ

ভাঙি পৰা মনৰ ভাগৰুৱা টুকুৰাবোৰেৰে

এটি নতুন নানাৰঙী কাৰেঙ……

আহিবানে তুমি

এজাক কোবাল বৰষুণে পিচল কৰি থোৱা 

ৰঙা পর্বতৰ ঠেক বাটেৰে

মোৰ সৈতে আগুৱাই যাবলৈ……

চহাই তুলিম দুয়ো মিলি শুকান পথাৰখন

হয়তো মাথোঁ এবাৰলৈ……হয়তো চিৰকাললৈ……

Comments

Popular Posts