মোৰ কথা মনত পৰিলে .....

মোৰ কথা মনত পৰিলে বুকুখন হেঁচা মাৰি ধৰেনে তোমাৰ ?
মাজনিশা হাতখনেৰে্ খেপিয়ালে কাষত মোক নেপালে কেনেকুৱা লাগে বাৰু ? 
আৰু আনৰ চকুত চকু থৈ পৃথিৱীখন বিচাৰোতে 
যদি হঠাতে মোৰ চকুলোবোৰ দেখা,
কান্দি উঠানে বাৰু তুমি ?
এজাক ভিৰৰ মাজত মোৰ হাতখন নিজৰ হাতৰ
মুঠিত নাপালে হাঁহাকাৰ কৰি উঠে নে তোমাৰ মনে?
চিন্তাৰ ৰেখাবোৰে দৈনন্দিন যুদ্ধত আমনি কৰিলে
অনুভব কৰানে মোৰ ওঁঠৰ পৰশ তোমাৰ কপালত?
অকলশৰীয়া মূহুর্ত্তবোৰত সেমেকে নে আবেগবোৰ ?
নৈ পাৰত নিবিড় আলিঙ্গনত বান্ধ খাই থকা প্রেমিকহালে
আকুল কৰি তোলেনে তোমাক
মোৰ বুকুতে মুখ গুজি পৃথিৱীৰ আন সকলো কথা পাহৰি যাবলে ?
ৰাতিপুৱাৰ বতাহজাকে লৈ আনেনে মোৰ নিশ্বাসৰ উত্তাপ ?
নিশাৰ এন্ধাৰত পোৱানে মোৰ শৰীৰৰ সুবাস ?
মই এখন আন পৃথিৱী উৰ্ব্বৰ কৰিলে
কোনোবা এক অবুজ অনুভবে অকণমান কষ্ট দিয়েনে তোমাক?
মোৰ প্রেমে কৰেনে তোমাক অভিভূত ?
মোক বিচাৰি পোৱানে তোমাৰ প্রতিতো অঙ্গত,
প্রতিতো কথাত, প্রতিতো পলত, প্রতিতো অনুভূতিত ?

Comments

Popular Posts