মই আকৌ ক’ম বাৰু তোমাক
মই আকৌ ক’ম বাৰু তোমাক
আকাশৰ নীলাৰে লিখা গানবোৰৰ কথা,
কেতিয়াবা অকলশৰে থাকিলে লুটিয়াই চাবাচোন
পুৰণি ডায়েৰীখনৰ ৰঙচুৱা পৃষ্ঠাবোৰ…
আখৰবোৰৰ ভাষাবোৰ হয়তো অপৰিচিত যেন লাগিব তোমাৰ
তোমাক লগ পালে মই ক’ম বাৰু আকৌ
আকাশৰ নীলাৰে লিখা গানবোৰৰ কথা,
কেতিয়াবা অকলশৰে থাকিলে লুটিয়াই চাবাচোন
পুৰণি ডায়েৰীখনৰ ৰঙচুৱা পৃষ্ঠাবোৰ…
আখৰবোৰৰ ভাষাবোৰ হয়তো অপৰিচিত যেন লাগিব তোমাৰ
তোমাক লগ পালে মই ক’ম বাৰু আকৌ
অনুৰাগী সন্ধিয়াবোৰত গোপনে কোৱা বহুতো নিবিড় কথা।
এদিন ওলাবা মোৰে স’তে
কাশ্মীৰৰ তুষাৰ-শুভ্র শিখৰবোৰত আমি দুয়ো বিচাৰিম অনুত্তৰাক,
নতুবা আণ্ডামানৰ পাঁচশধিক দ্বীপ চলাথ কৰি বিচাৰি উলিয়াম
আমাৰ সপোনৰ তৃণমৃত্তিকা…
মই আকৌ সোঁৱৰাম বাৰু তোমাক
সাগৰৰ জোৱাৰৰ সৈতে তুমি একালগে বহি
এদিন দোকমোকালিতে পতা সেই সপোনবোৰৰ কথা।
কিন্তু সময় যে বৰ্তমান প্ৰতিকূল!
তথাপিও কেনেবাকৈ তোমাক লগ পালে ক’ম
প্রথম বৰষুণজাকৰ গোন্ধৰ কথা
আৰু ৰাতিৰ কবিতাবোৰে জিলিকাই তোলা মোৰ আঁউসীৰ আকাশখনৰ কথা……।।

Comments
Post a Comment