আঙঠি
তুমি আনিবা এটা আঙঠি,
হীৰা সোণ বা ৰূপৰ নহ’লেও হ’ব
নেলাগে বাৰু প্লেটিনাম মার্কা কোনোবা বিশ্ববিখ্যাত জুৱেলাৰী ব্রেণ্ডৰ,
মই বিচাৰোঁ তুমি মোক এনে এটি আঙঠি দিয়া যিটোত থাকিব
তোমাৰ পৰশৰ সোণ,
আৰু তোমাৰ মৰমৰ মুকুতাবোৰ জিলিকি ৰ’ব হীৰা হৈ,
মোৰ অনামিকা আঙুলিৰ আলিঙ্গনত
আসক্ত হৈ থাকিব খোজা আঙঠিটো তুমি লৈ আনিবা….
আকোৱালি ল’ব মোৰ পৃথিৱীক তোমাৰ পৃথিৱীয়ে,
সেই আঙঠিয়ে
দ্বিখণ্ডীত আত্মাৰ মহাযুদ্ধত আমি বিজয়ী
আৰু সেই জয়ৰ প্রতিমূর্তি এটি আঙঠি,
মোৰ হাতৰ তলুৱাত আৰু প্রতিতো আঙুলিত
অভিজ্ঞতা আৰু সময়ৰ নিষ্ঠুৰ চাপ,
আঙঠিটোৰ বৃত্ততে পাব মোৰ যাযাবৰী মনে ঠিকনা
আনিবা তুমি এটি আঙঠি………
Comments
Post a Comment