আজি নাই কাষত.........
আজি নাই কাষত সাহস দিবলৈ উৎসাহৰ কোনো মাত,
উজুতি খালে আজি নই কাষত মোৰ ধৰিবলৈ সেই হাত…
কেতিয়বা দুখতে চকুলো ওলালে সান্তনা পাইছিলো থিতাতে,
অকশৰীয়া হৈ মই দেখো ৰলো মাজবাটত আজি হঠাতে…
আজলি মন, সৰল মৰম আৰু আছিলে কতনা হাঁহি,
আৰু আছিলে নিৰমল, সুন্দৰ বগা তগৰৰ পাহি…
কিনো এই জীবন? কিনো এই মন? বুজি পোৱাটো টান,
কোনেনো বুজাব মোক এতিয়া আহি নিচিনা ভাষাৰ গান??
কিন্তু জানিবা নেহাৰো মই, থমকি মই নৰওঁ,
যামেই মই আগুৱাই অকলেই আজি বহু নতুন সপোন লই…
তুমি নেজানিলা,তুমি নুবুজিলা, মোক কি দি গ’লা তুমি,
মোৰ মনৰ তুলিকাত দি গ’লা বহু ৰং আৰু দিলা পোহৰ আনি…
বুকতে আছে অতীতৰ গীত, মনত প্রবল শক্তি মোৰ,
দূৰৰ পৰা ৰিণিকি আহিছে শুনাছোন নৱ আশাৰ এটি সুৰ…
যদিও তুমি নাই কাষতে মোৰ আছে তোমাৰ মৰমবোৰ লগত,
তোমাৰ স্মৃতিয়ে মোক প্রেৰনা দিব জীবনৰ প্রতিতো খোজত ।।
Comments
Post a Comment