মই
নিত্যনৈমিত্তিক কাৰ্য্যপ্ৰণালী..
নিত্যক্ৰমে চলাদৰে আজিও সময় নিজ গতিত..
দৈনন্দিন কর্মৰ যুদ্ধৰ বাবে মই তৈয়াৰ হৈ ওলাইছোঁ
জোলোঙাত সামৰি লৈছোঁ….
ৰাতিপুৱাৰ কোমল ৰ’দৰ অলপমান আদৰ
তলসৰা শেৱালিৰ এধানি আশীর্বাদ
কণ-কণ মাতৰ দুটামান অভিযোগ
আৰু শিৰৰ সেন্দুৰখিনিৰ এমুঠি আব্দাৰ
আবেগৰ ভঁৰালৰ দুৱাৰখন যদিও বন্ধ কৰি লৈছোঁ
কুন্দ্ৰাক্ষৰে বৈ আহিছে মনৰ কোঠালিলৈ এখন পোহৰৰ নৈ….
সেই নদীত আছে অপৰিসীম চেনেহৰ স্পর্শ
নিশাৰ অনুৰাগৰ আসক্তি
ৰঙা নীলা সপোনৰ সন্মিলন…
উপজীব্যৰ তাগিদাত বন্দি হৈয়ো মই যেন মুক্ত
মই যেন প্রতি বাৰিষা নিশাতে হওঁ নৱকান্তৰ অৰুন্ধতী
কোনোবা অতিথিশালাৰ মই যেন হেলকৰ মিৰান্দা
মাজনিশাৰ সাধুকথাৰ মই চিন্দেৰেলা
আৰু মই যেন বুঢ়ী আইৰ তেজীমলা….

Comments
Post a Comment