মই সপোন ৰচোঁ

মই সপোন ৰচোঁ দিঠকৰ ছাঁয়াত,
ৰশ্মি দেখোঁ আন্ধাৰৰ মায়াত 
জোনাকীৰ নদীত স্নেহৰ পাণছৈ
তোমাৰে ঘাটত আছেহি ৰৈ 
বতাহতে লিখিছোঁ মৰমৰ কবিতা
যানোচা চোৱেগৈ তোমাৰেই চোতাল,
মনময়ূৰীয়ে মিচিকি হাঁহিছে
মোৰ ধৰণী তোমাৰ মৰমেৰে জীপাল…………

Comments

Popular Posts