কেতিয়াবা মোক তোমাৰ কাষতে পাবা
কেতিয়াবা মোক তোমাৰ কাষতে পাবা,
কেতিয়াবা দূৰণিৰ ৰামধেনুৰ ৰঙতে চাবা,
নীলিমাৰ বুকুৰ শুকুলা মেঘৰ
সেমেকা আবেগতে মোক বিছাৰি ল’বা ।
আধুনিকতাৰ নতুন লহৰত,
বুৰঞ্জীৰ উৱঁলা ৰঙচুৱা সাঁচিপাতত,
অপৰূপা কোনো যুৱতীৰ কোমল লাবণ্যত,
কোনোবা নতুন প্রেমিকৰ কপাহী মৰমত ।
তুমি চাবাচোন মোক বিছাৰি
মানাহৰ উত্রাৱল বলিয়া সোঁতত,
কাজিৰঙাৰ নৃত্যৰত কহুঁৱা বনত,
মোৰ চেনেহৰ নিয়ৰে চুমি আহে তোমাক
পুৱতি নিশাৰ নিৰিবিলি পৰত ।
সৰলৰ মিঠা মিঠা উন্মনা সুভাস,
একান্তৰ এটি দুটি স্বস্তিৰ নিস্বাস,
পাওঁ মই তোমাৰ দুচকুতে বিছাৰি
এখনি নতুন পৃথিৱী
আৰু এখন নতুন আকাশ ।
আচহুৱা পৰিবেশত শুনা এটি চিনাকী মাতত,
নিজানত ভাহি অহা এটি আপোন সুৰত,
দেখানে তুমি মোৰ মৰমৰ চবি
নিতৌ অহা পৰিবৰ্তনৰ বিভিন্ন ৰূপত ?
মই নিমাত যদিও শুনাচোন তুমি
নিশব্দৰ কবিতা আৰু এটি এন্ধাৰৰ গীত,
অদৃশ্য কিছুমান ছাঁয়াই ক’লেহি
মই তোমাৰ দৈনন্দিনৰ প্রেয়সী
আৰু তুমি মোৰ অভিমানী প্রেমিক…
কেতিয়াবা দূৰণিৰ ৰামধেনুৰ ৰঙতে চাবা,
নীলিমাৰ বুকুৰ শুকুলা মেঘৰ
সেমেকা আবেগতে মোক বিছাৰি ল’বা ।
আধুনিকতাৰ নতুন লহৰত,
বুৰঞ্জীৰ উৱঁলা ৰঙচুৱা সাঁচিপাতত,
অপৰূপা কোনো যুৱতীৰ কোমল লাবণ্যত,
কোনোবা নতুন প্রেমিকৰ কপাহী মৰমত ।
তুমি চাবাচোন মোক বিছাৰি
মানাহৰ উত্রাৱল বলিয়া সোঁতত,
কাজিৰঙাৰ নৃত্যৰত কহুঁৱা বনত,
মোৰ চেনেহৰ নিয়ৰে চুমি আহে তোমাক
পুৱতি নিশাৰ নিৰিবিলি পৰত ।
সৰলৰ মিঠা মিঠা উন্মনা সুভাস,
একান্তৰ এটি দুটি স্বস্তিৰ নিস্বাস,
পাওঁ মই তোমাৰ দুচকুতে বিছাৰি
এখনি নতুন পৃথিৱী
আৰু এখন নতুন আকাশ ।
আচহুৱা পৰিবেশত শুনা এটি চিনাকী মাতত,
নিজানত ভাহি অহা এটি আপোন সুৰত,
দেখানে তুমি মোৰ মৰমৰ চবি
নিতৌ অহা পৰিবৰ্তনৰ বিভিন্ন ৰূপত ?
মই নিমাত যদিও শুনাচোন তুমি
নিশব্দৰ কবিতা আৰু এটি এন্ধাৰৰ গীত,
অদৃশ্য কিছুমান ছাঁয়াই ক’লেহি
মই তোমাৰ দৈনন্দিনৰ প্রেয়সী
আৰু তুমি মোৰ অভিমানী প্রেমিক…
Comments
Post a Comment