মৰম যচিবা জানো??



আধাফুলা তগৰৰ নেদেখা সম্পূৰ্ণতা কল্পনা কৰি
ফুলি থকা জবাপাহি জানো অবহেলা কৰিবা?
ভবিষ্যৎৰ দালিৰ উম লোৱাৰ আশাতে
তুমি আজিৰ বৰষুণৰ জানো দোষ ধৰিবা??
আলিমূৰত কোলাহল, দূৰণিত পৰিবেশ উগুল থুগুল,
পিছে চোতালৰ ধুমুহাক বাধা নিদিলে নহ জানো আমাৰেই ভূল??
আধৰুৱা আবেগৰ ধোৱা ধোৱা পদূলিত থাকিবা জানো ৰৈ?
তাতোকৈ চোতালৰ তুলসীজোপা চাকিৰ উজ্বল বন্তিৰে পোহৰাই দিয়া গৈ 
আগন্তুক শিহৰণ, নেদেখা পৰিজন, কিবা তাৰ বিশ্বাস??
স্থায়ী দুবাহু, বলিস্থ আবেগে, দিব সদায়ে আস্বাস……
মৰম জানো যাচিবা? কোন হয় সেই চঞ্চল ছায়া?
পিছল ভাবনা, অবাস্তব কল্পনা, চলনাময়ী যাৰ মায়া??

Comments

Popular Posts