মই জানো তুমি মোক একো নোকোৱা..


মই জানো তুমি মোক একো নোকোৱা
সুধিছিলোঁ মই তোমাক আজি পাৰিবানে নেওচিব 
প্রথা আৰু নিয়মৰ নেদেখা পৰিধি,
আৰু শুনিছিলোঁ উত্তৰত নিবিড় যেন লগা
নীলা নীলা বহু মিঠা প্রতিশ্রুতি 

মই জানো তুমি মোক একো নোকোৱা
সুধিছিলোঁ মই তোমাক মোৰ মাতষাৰ শুনি
মনত পৰেনে পাহৰা সেই চিনাকী ভাষা,
মৌনতাৰ আঁৰ লৈ আনি দিলা তুমি
ৰূপালী চেনেহৰ জোনাকী নিশা 

মই জানো তুমি মোক একো নোকোৱা
সুধিছিলোঁ মই তোমাক পঢ়িলানে তুমি মই লেখা কবিতা ?
আৰু বহু সময়ৰ নিৰবতাৰ পিছত পোৱা তোমাৰ
নিশ্বাসৰ উত্তাপে জনাইছিলে তোমাৰ মনৰ কথা……

মই জানো তুমি মোক একো নোকোৱা
সুধিছিলোঁ মই তোমাক মনত ৰাখিবানে মোক ?
মৰমৰ চিনবোৰ যাবানে পাহৰি ?
আৰু নিশব্দ ভাষাৰে কোৱা কথাবোৰত
বিচাৰি পালো মই তোমাৰ সঁহাৰি 

Comments

Popular Posts